বিশ্বৰ আগত সামৰিক শক্তি প্ৰদৰ্শন চীনৰ

বিশ্বৰ আগত সামৰিক শক্তি প্ৰদৰ্শন কৰিলে চুবুৰীয়া ৰাষ্ট্ৰ চীনে। বুধবাৰে বিজয় দিৱসৰ পেৰেডত বৃহৎ সামৰিক শক্তি প্ৰদৰ্শন কৰে চীনে। ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ভাষণৰ পিছত চীনৰ সামৰিক শক্তি প্ৰদৰ্শন কৰা হয়। ইয়াৰ ভিতৰত আছিল পাৰমাণৱিক ক্ষমতাসম্পন্ন আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল।

পেৰেডৰ পূৰ্বে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু উত্তৰ কোৰিয়াৰ নেতা কিম জং উনক একেলগে দেখা যায়। দ্বিতীয় বিশ্বযুদ্ধৰ শেষত জাপানে চীনৰ ওচৰত আত্মসমৰ্পণ কৰাৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে এই অনুষ্ঠান অনুষ্ঠিত হয়।

এই পেৰেডক চীনৰ সামৰিক শক্তিৰ প্ৰদৰ্শন হিচাপেও দেখা গৈছে। পেৰেডৰ সময়ত চীনে বহু নতুন অস্ত্ৰ প্ৰদৰ্শন কৰে। পেৰেডত কিছু নতুন সৈন্যও আছিল, যিয়ে প্ৰথমবাৰৰ বাবে সমদল উলিয়াইছিল। ইয়াৰ ভিতৰত আছিল মহাকাশ বাহিনী, চাইবাৰ মহাকাশ বাহিনী আৰু তথ্য সহায়ক বাহিনী।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *