১৮ সংখ্যক লোকসভাৰ শীতকালীন অধিৱেশন সমাপ্ত

আদানীৰ উৎকোচ কাণ্ডৰ বিৰুদ্ধে বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ মাজতে ১৮ সংখ্যক লোকসভাৰ শীতকালীন অধিৱেশন শুকুৰবাৰে সমাপ্ত হয়। অধিৱেশনটো ২৫ নৱেম্বৰত আৰম্ভ হৈছিল। গোটেই অধিৱেশনটোত মুঠ ২০খন বৈঠক অনুষ্ঠিত হয়। দুয়োখন সদন লোকসভা আৰু ৰাজ্যসভাত প্ৰায় ১০৫ ঘণ্টা কাম-কাজ হয়।

অধিৱেশনত লোকসভাৰ কাম -কাজৰ হাৰ আছিল ৫৭.৮৭ শতাংশ। আনহাতে ৰাজ্যসভাৰ কাম-কাজৰ হাৰ আছিল ৪১ শতাংশ। সদনত মুঠ চাৰিখন বিধেয়ক উত্থাপন কৰা হয়। অৱশ্যে, কোনোখনো গৃহীত নহয়। আটাইতকৈ চৰ্চিত আছিল এক দেশ, এক নিৰ্বাচনৰ বাবে উত্থাপন কৰা ১২৯ তম সংবিধান (সংশোধনী) বিধেয়ক।

বিধেয়কখন পুনৰীক্ষণৰ বাবে ৩৯ জনীয়া যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হৈছে। সমিতিখনত লোকসভাৰ ২৭ জন আৰু ৰাজ্যসভাৰ ১২ জন সাংসদ আছে। সমিতিখনে সংসদৰ পৰৱৰ্তী অধিৱেশনৰ অন্তিম সপ্তাহৰ প্ৰথম দিনা লোকসভাত প্ৰতিবেদন দাখিল কৰিব লাগিব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *