শিৱসাগৰত নৰপিশাছৰ কামনাৰ বলি মুকবধিৰ যুৱতী

69

অমানৱীয় এক ঘটনাই জোকাৰিছে শিৱসাগৰ | এটা ঘৰত অকলশৰীয়াকৈ বাস কৰা মুকবধিৰ যুৱতী গৰাকীৰ ওপৰত দীৰ্ঘ সময় ধৰি চলিছিল যৌন উৎপীড়ন |

শেহতীয়াকৈ মুকবধিৰ যুৱতী গৰাকীৰ শাৰিৰীক সম্পৰ্ক গঠনৰ ওপৰত সন্দেহ হোৱাত জেষ্ঠ ভগ্নীয়ে যুৱতী গৰাকীক লৈ যায় চিকিৎসকৰ কাষলৈ | চিকিৎসকৰ পৰীক্ষাত পোহৰলৈ আহে যুৱতী গৰাকী অন্তঃসত্বা হোৱাৰ তথ্য |

ঘটনাৰ সন্দৰ্ভদ সদৰ আৰক্ষী থানাত মুকবধিৰ যুৱতী গৰাকীৰ পৰিয়ালে দাখিল কৰে এজাহাৰ | আৰক্ষীয়ে নিশাই যুৱতী গৰাকীয়ে দিয়া ইংগিত অনুসৰি ৰৌছন কুমাৰ ( ৩০) নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে |