দেশ জোকাৰি যোৱা কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া এতিয়া অন্তিম পৰ্যায়ত উপনীত হৈছে। নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত চৰকাৰী পক্ষই বুধবাৰে অভিযুক্তসকলৰ বিৰুদ্ধে তথ্য-প্ৰমাণসহ গুৰুত্বপূৰ্ণ যুক্তি-তৰ্ক দাঙি ধৰে। চৰকাৰী অধিবক্তা জিয়াউল কামাৰে নীল উৎপল দাস আৰু অভিজিৎ নাথৰ হত্যাকাণ্ডত ব্যৱহৃত মাৰণাস্ত্ৰ আৰু অভিযুক্তৰ জড়িত থকাৰ সন্দৰ্ভত আদালতত সবিস্তাৰে দাখিল কৰে।
চৰকাৰী পক্ষৰ অধিবক্তাগৰাকীয়ে জনোৱা মতে, অহা ৭ ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁলোকে নিজৰ যুক্তি সমাপ্ত কৰিব আৰু ইয়াৰ পাছতে প্ৰতিৰক্ষা পক্ষই নিজৰ ক’বলগীয়াখিনি আদালতত দাঙি ধৰিব। বৰ্তমানলৈকে আদালতে ৭১ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিছে আৰু ৪৮ গৰাকী অভিযুক্তৰ ভাষ্য লিপিবদ্ধ কৰিছে। উল্লেখ্য যে ২০১৮ চনৰ ৮ জুনত কাংথিলেংছ জলপ্ৰপাতৰ পৰা উভতি অহাৰ পথত এক উৰাবাতৰিৰ বলি হৈ ডকমকাত এদল উন্মত্ত লোকৰ হাতত কৰুণভাৱে প্ৰাণ হেৰুৱাইছিল দুই যুৱক নীল আৰু অভিজিতে।
প্ৰায় আঠ বছৰীয়া আইনী যুঁজৰ পাছত আদালতৰ এই অগ্ৰগতিৰ ওপৰত আশাৰ ৰেঙণি দেখিছে ভুক্তভোগী পৰিয়াল দুটাই। নীল উৎপলৰ পিতৃ গোপাল চন্দ্ৰ দাসে ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ বিশ্বাস থকা বুলি মন্তব্য কৰি কয়, “আমাৰ আদালতৰ ওপৰত আস্থা আছে। ৰাজ্যবাসীয়ে বিচৰাৰ দৰে আমি ন্যায় পাম বুলি আশাবাদী।” একেই সুৰতে অভিজিৎ নাথৰ পিতৃ অজিত নাথেও নিজৰ একমাত্ৰ পুত্ৰক হেৰুওৱাৰ দুখ বুকুত লৈ আদালতৰ চূড়ান্ত ৰায়লৈ অপেক্ষা কৰি থকা বুলি আবেগিক হৈ পৰে।
