অৱশেষত আত্মসমৰ্পণ কৰিলে বীৰ লাচিত সেনাৰ কামৰূপ মহানগৰ জিলাৰ মুখ্য সচিব পদৰ বহিষ্কৃত নেতা বিকাশ অসমে। শনিবাৰে দিছপুৰ থানত আত্মসমৰ্পণ কৰে নেতাজনে। আত্মসমৰ্পণৰ পিছতে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিকাশ অসমক। বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতাগৰাকী বিগত কিছুদিন ধৰি পলাতক হৈ আছিল। পলাতক হৈ থকা নেতাজনে ফেচবুকত ৰৈ ৰৈ বিনালে চোৱা পোষ্ট দি আত্মসমৰ্পণ কৰে। উল্লেখ্য যে কিছুদিন পূৰ্বে অপহৰণ , ধনদাবীৰ গোচৰত নাম সাঙোৰ খোৱা বিকাশ অসমে মহিলাক লৈ অশালীন মন্তব্য কৰিছিল। এই অশালীন মন্তব্যৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লম বুলি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল।
বিকাশ অসমৰ আত্মসমৰ্পণ
