হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰঃ আবেদনকাৰীক গুৱাহাটী উচ্চ ন্যায়ালয়লৈ যোৱাৰ নিৰ্দেশ

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এক বিতৰ্কিত ভাইৰেল ভিডিঅ’ক লৈ দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সোমবাৰে অস্বীকাৰ কৰে দেশৰ উচ্চতম ন্যায়ালয়ে। এজন বিশেষ সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি ৰাইফল চলোৱাৰ অভিযোগ উত্থাপন হোৱা এই বিষয়টোত হস্তক্ষেপ নকৰি আদালতে আবেদনকাৰীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ নিৰ্দেশ দিয়ে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠখনে স্পষ্ট কৰি দিয়ে যে উচ্চ ন্যায়ালয়ক অতিক্ৰমি পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়লৈ অহাটো সমীচীন নহয়।

চিপিআই আৰু চিপিআই(এম) দলৰ নেতৃবৃন্দই দাখিল কৰা এই আবেদনত মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ঘৃণা ভাষণ আৰু সাম্প্ৰদায়িক মেৰুবিভাজনৰ অভিযোগত এজাহাৰ ৰুজু কৰিবলৈ দাবী জনোৱা হৈছিল। জ্যেষ্ঠ অধিবক্তা অভিষেক সিংভীয়ে আদালতত যুক্তি দিছিল যে শৰ্মা এগৰাকী ‘পুনৰাবৃত্তিকাৰী অপৰাধী’, সেয়েহে আদালতে এই বিষয়টো পোনপটীয়াকৈ বিচাৰ কৰিব লাগে। অৱশ্যে বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিকভাৱে স্পৰ্শকাতৰ বিষয়সমূহ উচ্চতম ন্যায়ালয়লৈ অনাৰ এক প্ৰৱণতা বৃদ্ধি পাইছে।

বিতৰ্কৰ সূত্ৰপাত হৈছিল যোৱা ৭ ফেব্ৰুৱাৰীত অসম বিজেপিৰ চৰকাৰী এক্স (টুইটাৰ) হেণ্ডলৰ পৰা শ্বেয়াৰ কৰা এটা ভিডিঅ’ক লৈ। উক্ত ভিডিঅ’টোত এজন টুপি পৰিহিত আৰু দাড়ি থকা ব্যক্তিক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে ৰাইফল চলোৱা বুলি দাবী কৰা হৈছিল। ইয়াৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত বিজেপিয়ে ভিডিঅ’টো ডিলিট কৰিছিল যদিও বিৰোধীয়ে ইয়াক সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধিকাৰী কাৰ্য বুলি অভিহিত কৰিছিল।

আদালতে শুনানিৰ সময়ত কয় যে পক্ষসমূহক সাংবিধানিক নৈতিকতাৰ সীমাৰ ভিতৰত থাকিবলৈ কোৱা হ’ব, কিন্তু প্ৰতিটো ইছ্যু পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়ত শুনানি হ’ব নোৱাৰে। এই গুৰুত্বপূৰ্ণ নিৰ্দেশৰ পাছত এতিয়া সমগ্ৰ বিষয়টো ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ মজিয়া পাবগৈ বুলি নিশ্চিত হৈ পৰিছে। ইয়াৰ ফলত নিৰ্বাচনৰ মুখত ৰাজনৈতিক উত্তাপ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *