সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰি পুৱতি নিশাৰ পৰা ছবিগৃহত আৰম্ভ হ’ল ৰৈ ৰৈ বিনালেৰ প্ৰদৰ্শনী

মুক্তিৰ দিনটোতে ধুমুহাৰ সৃষ্টি কৰিছে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে। সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰি পুৱতি নিশা  ৪.২৫ বজাৰ পৰা ছবিগৃহত আৰম্ভ হ’ল  ৰৈ ৰৈ বিনালেৰ প্ৰদৰ্শনী। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পুৱতিনিশা ৪:২৫ মিনিটত প্ৰদৰ্শিত হ’ল ‘ৰৈ ৰৈ বিনালে’। গুৱাহাটীৰ মেট্ৰিক্স চিনেমাত পুৱতি নিশা ৪ বাজি ২৫ মিনিটৰ পৰা প্ৰদৰ্শিত কৰা হ’ল ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰথমটো দৰ্শনী। ছবিখন মুক্তিৰ পূৰ্বে পুৱতিনিশা ৩:৩০ বজাতে ছবিগৃহত উপস্থিত হ’ল দর্শক। ৰাজ্যৰ প্ৰতিটো ছবিগৃহৰ প্ৰতিটো দৰ্শনীতে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছে। মুক্তিৰ দিনটোতে হিলদল ভাগি অসমৰ ৰাইজ ওলাই আহিছে জুবিন গাৰ্গৰ শেষৰখন ছবি চাবলৈ। প্ৰতিটো ছবিগৃহতে  ছবিখন চাই দৰ্শক সকল আৱেগিক হৈ ওলাই অহা পৰিলক্ষিত হৈছে।

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *