গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ ৰাণী অঞ্চলত এটা মাহত ৪০ টাকৈ গৰু চুৰি হোৱাৰ পাছত অঞ্চলটোৰ যুৱক সকলে বিগত প্ৰায় দুটা সপ্তাহ ধৰি নিশাৰ ভাগত পহৰা দিয়া কাৰ্য আৰম্ভ কৰিছে। ইয়াৰ মাজতে যোৱা ২০ মাৰ্চত ৰাণীৰ কাঁহাৰপাৰা গাঁৱত মাজনিশা এঘৰ লোকৰ গোহালিত এটা সন্দেহযুক্ত গৰুচোৰক ৰাইজে ধৰি উত্তম – মধ্যম দি ৰাণী আৰক্ষী চকীত গতাই দিছিল। তাৰ তিনিদিন পাছত পুনৰ ২৩ মাৰ্চৰ দিনা নিশা ১১ বজাত ৰাণীৰ কাষৰীয়া কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ধৰমপুৰ গাঁৱত এ এছ ১৫ এ চি ৫৫৮২ নম্বৰৰ এখন টাটা মেজিক ভান সোমোৱাত পহৰাত থকা যুৱকসকলৰ সন্দেহ হয়। যুৱকসকলে আগছি ধৰি ভানখন ৰখোৱাত তাত থকা ৫ জনৰ ২ জনে আন্ধাৰৰ সুযোগ লৈ কৌশলৰে পলায়ন কৰিবলৈ সক্ষম হয় । যুৱকৰ দলটোৱে ভানখনত তালাচি চলোৱাত গৰু চুৰি কাৰ্যত ব্যৱহৃত তথা গৰুক মুখত পিন্ধোৱা মুখা, বুজন পৰিমাণৰ ৰছীআদি সামগ্ৰী উদ্ধাৰ কৰে । ইফালে গৰু চোৰৰ দল আটক হোৱা বুলি খবৰ বিয়পি পৰাৰ লগে লগে ঘটনাথলীত বহু লোকৰ সমাগম হয়।
ৰাইজৰ একাংশই চোৰ তিনিজনক উত্তম – মধ্যম দিয়াত তেওঁলোকে গৰু চুৰি কৰিবলৈ অহা বুলি স্বীকাৰ কৰে। চোৰ তিনিজনৰ দুজনক নলবাৰী জিলাৰ মুকালমুৱা অঞ্চলৰ জয়দূৰ আলী (৩৫) আৰু নয়ন আলী(২৫) , এজনক বৰপেটা জিলাৰ তাৰাবাৰীৰ জামাল মিয়া (৩৪) বুলি চিনাক্ত কৰা হৈছে। গুৱাহাটীৰ জালুকবাৰী অঞ্চলত ঘৰ ভাড়া লৈ গৰু চুৰি কাৰ্যত জড়িত হৈ আহিছে বুলিও চোৰ তিনিজনে স্বীকাৰ কৰে। লক্ষণীয় কথাটো এয়ে যে গৰুচোৰ তিনিজনক ধৰাৰ লগে লগে ৰাণী আৰক্ষী চকীৰ এটা দল ধৰমপুৰ গাঁৱত উপস্থিত হয় । যাৰ বাবে একাংশ লোকে আৰক্ষীৰে কোনো লোকৰ সৈতে গৰু চোৰৰ দলৰ সৈতে সম্পৰ্ক থাকিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে। পাছত ৰাণী আৰক্ষীয়ে চোৰ তিনিজনক আদালতৰ পৰা দুদিনৰ জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে যদিও তদন্তত কি তথ্য লাভ কৰিলে তাক জানিব পৰা পোৱা নাই।
ইফালে ৰাণীৰ বাসিন্দা তথা সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক দীনেশ দাসে জানিবলৈ দিয়া মতে ৰাণীৰ দৰে শান্ত এটা অঞ্চলৰ পৰা নিশা গাড়ী লৈ গৰু চোৰৰ দলে এটা মাহত ৪০ টাকৈ গৰু গোহালিৰ পৰা গৰু চুৰি কৰি লৈ যোৱাৰ পাছতো ৰাণী আৰক্ষীয়ে এজন চোৰকো আটক কৰিব নোৱাৰাত আৰক্ষীৰ ওপৰত ৰাইজে আস্থা হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে। আনহাতে আজি বিয়লি ধৃত চোৰ তিনিজনক আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁলোকক জেললৈ প্ৰেৰণ কৰে । অৱশ্যে ৰাণী আৰক্ষী চকীত কিছুদিন পূৰ্বে নতুনকৈ যোগদান কৰা ভাৰপ্ৰাপ্ত বিষয়াজনে গৰুচোৰৰ বিষয়টো গুৰুত্ব সহকাৰে লোৱা বুলি জানিব পৰা গৈছে। আনকি পহৰা কাৰ্যত ৰাইজক সহযোগ কৰিব বুলিও তেওঁ জানিবলৈ দিছে।