বৰলুইতৰ বুকুত প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চর্চা কাৰ্যসূচী

অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগা প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চর্চা কাৰ্যসূচীৰ অধীনত ৰাজ্যৰ ১২ খন জিলাৰ ২৫ গৰাকী শিক্ষার্থীৰে মত বিনিময় কৰিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে। চৰাইদেউ নামৰ জাহাজখনত ব্ৰহ্মপুত্ৰৰ বুকুত হ’বলগা এই অনুষ্ঠানৰ বাবে ২৫ গৰাকী শিক্ষার্থীক ইতিমধ্যে বাছনি কৰা হৈছে আৰু তেওঁলোকে প্রধানমন্ত্ৰীৰ সৈতে কেনেধৰণে বাৰ্তালাপ কৰিব সেই বিষয়ে প্রশিক্ষণ দি থকা হৈছে।

ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই কাৰ্যসূচীয়ে পূৰ্বে শুকুৰবাৰে  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  গেটৱে’ ঘাট টাৰ্মিনেল পৰিদৰ্শন কৰে। এই সময়ছোৱাত তেখেতে পুংখানুপুংখভাৱে প্ৰতিটো বিষয়ত পৰ্যালোচনা কৰে।

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *