সংসদ ভৱন আৰু অন্যান্য ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা বীৰ সাভাৰকাৰৰ ছবি আঁতৰোৱাৰ দাবীত দাখিল কৰা এক জনহিতকৰ আবেদন মঙলবাৰে প্ৰত্যাখ্যান কৰে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে এই আবেদনক ‘তুচ্ছ’ বুলি অভিহিত কৰি আৱেদনকাৰী অৱসৰপ্ৰাপ্ত আই আৰ এছ বিষয়া বালাসুব্ৰমণ্যম বালামুৰুগানক এক লাখ টকাৰ জৰিমনা বিহাৰ হুংকাৰ দিয়ে। আদালতৰ এই কঠোৰ স্থিতিৰ পাছতে আৱেদনকাৰীয়ে নিজৰ আবেদনখন উঠাই লয়।
শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ সূৰ্যকান্তই প্ৰশ্ন কৰে আৱেদনকাৰীৰ মানসিকতাক লৈ। তেওঁ কয় যে এনে ধৰণৰ অসাৰ আবেদনে আদালতৰ মূল্যবান সময় নষ্ট কৰে। মুখ্য ন্যায়াধীশে লগতে কয়, “আপুনি এতিয়া অৱসৰৰ জীৱন উপভোগ কৰক আৰু সমাজৰ বাবে কিবা গঠনমূলক কাম কৰক।” আবেদনখনত সাভাৰকাৰৰ বিৰুদ্ধে থকা পুৰণি অভিযোগৰ দোহাই দি ৰাজহুৱা স্থানৰ পৰা তেওঁৰ ফটো আঁতৰাবলৈ নিৰ্দেশ বিচাৰিছিল বালামুৰুগানে।
বিচাৰপীঠে সতৰ্ক কৰি দিয়ে যে জনস্বাৰ্থৰ নামত ব্যক্তিগত এজেণ্ডা পূৰণৰ বাবে আদালতক ব্যৱহাৰ কৰিব নোৱাৰিব। যেতিয়া আৱেদনকাৰীয়ে তেওঁৰ অৰ্থনৈতিক অসুবিধাৰ কথা দোহাই দি আদালতত সশৰীৰে হাজিৰ হ’ব নোৱাৰাৰ কথা কৈছিল, তেতিয়া আদালতে উল্লেখ কৰে যে এজন প্ৰাক্তন অসামৰিক সেৱাৰ বিষয়া হিচাপে তেওঁৰ তেনে কোনো সমস্যা থকাটো বিশ্বাসযোগ্য নহয়। অৱশেষত আদালতে কোনো জৰিমনা বিহাৰ পৰিৱৰ্তে কেৱল আবেদনখন প্ৰত্যাহাৰ কৰাৰ অনুমতি প্ৰদান কৰি গোচৰটো বন্ধ কৰে।
