৯০০ গ’লৰ সংখ্যা স্পৰ্শ লিয়নেল মেছিৰ

আৰ্জেণ্টিনাৰ ফুটবল কিংবদন্তি তথা ইণ্টাৰ মিয়ামিৰ অধিনায়ক লিয়নেল মেছিয়ে অফিচিয়েল মেচত ৯০০ গ’ল দিয়া বিশ্বৰ দ্বিতীয়জন পুৰুষ ফুটবলাৰ হিচাপে পৰিগণিত হয়। তেওঁ এই মাইলৰ খুঁটিটো অৰ্জন কৰে কনকাকাফ চেম্পিয়নছ কাপৰ দ্বিতীয় লেগত নেশ্বভিল এছ চিৰ বিৰুদ্ধে।  অৱশ্যে মেছিৰ এই গ’ল সত্ত্বেও প্ৰতিযোগিতাখনত ইণ্টাৰ মিয়ামিৰ অগ্ৰগতিত বাধাৰ সৃষ্টি হয়।

মেচখন ১-১ গ’লত ড্রত হয় আৰু নেশ্বভিলৰ হৈ ক্রিষ্টিয়ান এস্পিনোজাই গ’ল দিয়ে৷ প্ৰথম লেগখন নেশ্বভিলৰ ঘৰুৱা খেলপথাৰত অনুষ্ঠিত হয় আৰু যি শূন্য গ’লত ড্ৰৰে অন্ত পৰে। ইয়াৰ পিছতে ইণ্টাৰ মিয়ামিৰ ঘৰুৱা খেলপথাৰত দ্বিতীয় লেগ অনুষ্ঠিত হয়, য’ত দুয়োটা দলে এটাকৈ গ’ল দি ১-১ গ’লত সমতা স্থাপন কৰে।

দুয়োখন লেগৰ পিছত সৰ্বমুঠ স্ক’ৰ টাই হোৱাৰ লগে লগে  গ’লৰ নিয়ম প্ৰয়োগ কৰা হ’ল। এই নিয়মৰ অধীনত বিপক্ষৰ ঘৰুৱা খেলপথাৰত অধিক গ’ল দিয়া দলটোৱে আগবাঢ়ি যায়। নেশ্বভিল এছ চিয়ে পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়ি যোৱাৰ বিপৰীতে ইণ্টাৰ মিয়ামি প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *