ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ অন্তিম সময়সীমা ২২ জানুৱাৰীঃ ভোটাৰসকলক বিশেষ আহ্বান মুখ্য নিৰ্বাচনী বিষয়াৰ

অসমৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়া বৰ্তমান অন্তিম পৰ্যায়ত উপনীত হৈছে। অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে দেওবাৰে জাৰি কৰা এক জাননী অনুসৰি, ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি, কৰ্তন বা সংশোধনৰ বাবে আবেদন জনোৱাৰ অন্তিম তাৰিখ অহা ২২ জানুৱাৰী ধাৰ্য কৰা হৈছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি চলি থকা এই প্ৰক্ৰিয়াৰ সুবিধা ল’বলৈ যোগ্য ভোটাৰসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত পদক্ষেপ ল’বলৈ আহ্বান জনোৱা হৈছে। যিসকল যোগ্য নাগৰিকে নতুনকৈ ভোটাৰ তালিকাত নাম ভৰ্তি কৰিব বিচাৰে, তেওঁলোকে ‘ফৰ্ম-৬’ ব্যৱহাৰ কৰি আবেদন কৰিব পাৰিব। আনহাতে, নাম কৰ্তন বা আপত্তিৰ বাবে ‘ফৰ্ম-৭’ আৰু নাম-ঠিকনা আদি সংশোধনৰ বাবে ‘ফৰ্ম-৮’ ব্যৱহাৰ কৰিব লাগিব। মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জনোৱা মতে, আবেদনকাৰীসকলে নিজৰ নিজৰ ভোটকেন্দ্ৰৰ বুথ লেভেল অফিচাৰ (BLO) অথবা নিৰ্বাচনী পঞ্জীয়কৰ সহায় লৈ অফলাইনযোগে আবেদন দাখিল কৰিব পাৰিব। ইয়াৰ উপৰি ‘ECINET’ মোবাইল এপ্লিকেচন বা নিৰ্বাচন আয়োগৰ অফিচিয়েল পৰ্টেলৰ জৰিয়তে অনলাইনযোগেও এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা যাব। প্ৰকাশিত জাননীখনত স্পষ্ট কৰা হৈছে যে এজন ভোটাৰে নিজৰ সমষ্টিত নিয়ম অনুসৰি প্ৰয়োজনীয় সংখ্যক ‘ফৰ্ম-৭’ দাখিল কৰাৰ ক্ষেত্ৰত কোনো আইনী বাধা নাই। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে প্ৰতিগৰাকী সচেতন নাগৰিকক ড্ৰাফ্ট ভোটাৰ তালিকাত নিজৰ নাম পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে। কোনো ধৰণৰ সহায় বা স্পষ্টীকৰণৰ বাবে ভোটাৰসকলে নিকটতম বিএলঅ’ৰ সৈতে যোগাযোগ কৰাৰ উপৰি টোল-ফ্ৰী হেল্পলাইন নম্বৰ ১৯৫০ ত ফোন কৰিব পাৰিব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *