চিংগাপুৰৰ কৰ’নাৰ্ছ ক’ৰ্টত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি সম্পন্ন; ১৩ ফেব্ৰুৱাৰীত ৰায়দানৰ সম্ভাৱনা

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত চিংগাপুৰৰ কৰ’নাৰ্ছ ক’ৰ্টত বুধবাৰে সম্পন্ন হ’ল শুনানি প্ৰক্ৰিয়া। গোচৰীয়া, সাক্ষী আৰু বাদীকে ধৰি সকলো পক্ষৰ ভাষ্য গ্ৰহণৰ অন্তত আদালতে অহা ১৩ ফেব্ৰুৱাৰীত এই গোচৰৰ চূড়ান্ত ৰায়দান কৰিব বুলি দিন ধাৰ্য কৰিছে। এই আইনী প্ৰক্ৰিয়াৰ অন্তিম দিনটোত চাৰিজন প্ৰবাসী অসমীয়া লোকে আদালতৰ মজিয়াত সাক্ষী প্ৰদান কৰে।

ইফালে জুবিনবিহীন ২৪ সংখ্যক বিবাহ বাৰ্ষিকীৰ দিনটোত পত্নী গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত পুৰণি ফটো আপলোড কৰি আৱেগিক হৈ পৰে। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “আজিৰ দিনটো আমাৰ বাবে অতি বিশেষ হ’লহেঁতেন যদিও ভাগ্যৰ বিড়ম্বনাত সকলো সলনি হৈ গ’ল। জুবিন য’ত আছে শান্তিত থাকক, সেয়াই মোৰ কামনা।” ন্যায়ৰ যুঁজখনত অসমবাসীৰ আশীৰ্বাদ বিচাৰি দোষীয়ে উচিত শাস্তি পোৱাটোৱেই তেওঁৰ একমাত্ৰ লক্ষ্য বুলিও গৰিমাই জানিবলৈ দিয়ে।

এই বিশেষ দিনটোৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ গৰিমা শইকীয়া গাৰ্গে পিয়াৰলেছ হাস্পতালত বৃদ্ধাশ্ৰমৰ আইতাসকলৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে। পূৰ্বৰ বছৰবোৰত জুবিন গাৰ্গে নিজে উদ্যোগ লৈ এই সেৱা আগবঢ়াইছিল। জুবিনৰ অবৰ্তমানত আজি গৰিমাই চিকিৎসালয়ত উপস্থিত থাকি সমগ্ৰ ব্যৱস্থাটো তদাৰক কৰে যদিও অনুষ্ঠানটোৰ মাজতে তেওঁ কিছু পৰিমাণে অসুস্থ হৈ পৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *