সমগ্ৰ ৰাজ্য জোকাৰি যোৱা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ আজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতত চতুৰ্থটো শুনানি সম্পন্ন হয়। আদালতত আজি জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে তদন্তকাৰী বিষয়া আৰু উভয় পক্ষৰ অধিবক্তাসকল উপস্থিত থাকে। চৰকাৰী পক্ষৰ অধিবক্তাই আদালতত নিজৰ যুক্তি প্ৰদৰ্শন কৰাৰ পাছত আদালতে আগন্তুক ২২ জানুৱাৰীত জামিন আবেদনৰ শুনানি আৰু ৩০ জানুৱাৰীত নিয়মীয়া শুনানিৰ দিন ধাৰ্য কৰিছে।
আদালতৰ শুনানিৰ পাছতে সংবাদ মাধ্যমৰ আগত অত্যন্ত আৱেগিক হৈ পৰে গৰিমা শইকীয়া গাৰ্গ। তেওঁ কয়, ‘‘অশুভ শক্তিৰ বিনাশ হ’বই লাগিব আৰু দোষীয়ে ভয়ংকৰ শাস্তি পাব লাগিব।’’ ছিংগাপুৰৰ তদন্তই কেৱল এটা নিৰ্দিষ্ট দিনৰ কথাহে সামৰি লৈছে বুলি উল্লেখ কৰি তেওঁ সমগ্ৰ ষড়যন্ত্ৰৰ চিবিআই পৰ্যায়ৰ তদন্তৰ প্ৰয়োজনীয়তা দোহাৰে। বিশেষকৈ সেই সময়ত জুবিনৰ সৈতে থকা সন্দীপন গাৰ্গক সত্য উদঙাই দিবলৈ আহ্বান জনাই গৰিমাই কয় যে এজন আৰক্ষী বিষয়া তথা ভাতৃ হিচাপে সন্দীপনৰ বহুত দায়িত্ব আছিল।
গৰিমা শইকীয়া গাৰ্গে আৰু অভিযোগ কৰে যে জুবিনৰ সৈতে য়টত থকা প্ৰতিজন লোকেই তেওঁৰ চকুত দোষী। তেওঁলোকৰ চৰম অৱহেলাৰ বাবেই এনে ঘটনা ঘটিবলৈ পালে বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে।
আনহাতে, এই গোচৰৰ ৫ অভিযুক্ত পৰেশ বৈশ্য, সন্দীপন গাৰ্গ, শ্যামকানু মহন্ত, অমৃতপ্ৰভা মহন্ত আৰু নন্দেশ্বৰ বৰাই আদালতত জামিনৰ বাবে আবেদন জনাইছে।
অধিবক্তা অপূৰ্ব শৰ্মাই জনোৱা মতে, অভিযুক্ত শেখৰৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁৰ চিকিৎসাৰ বাবেও আবেদন কৰা হৈছে। জুবিনে যাতে দ্ৰুত ন্যায় পায়, তাৰ বাবে চৰকাৰে বিশেষ আদালত গঠন কৰি দৈনিক শুনানি গ্ৰহণ কৰিব লাগে বুলিও অধিবক্তাগৰাকীয়ে মত প্ৰকাশ কৰে।
