জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ তথা বকো সম জিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গ আৰু দেহৰক্ষী নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যক পুণৰ ১৪ দিনৰ ন্যায়িক জিন্মালৈ প্ৰেৰণ । কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে অভিযুক্ত পাচজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। নিৰ্ধাৰিত ন্যায়িক জিম্মাৰ ম্যাদ অন্ত পৰাত পাঁচ অভিযুক্তক ভাৰ্চুৱেলি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই। পিছত আদালতে পাঁচ অভিযুক্তকে পুণৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
পুণৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ শ্যামকানু, সিদ্ধাৰ্থ সহ পাচ অভিযুক্তক
