৭৬ সংখ্যক  কান চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকি নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে চেলিব্ৰেটী মে’কআপ আৰ্টিষ্ট তথা হেয়াৰ ষ্টাইলিষ্ট বিজয়জিৎ শইকীয়াই ।

এই গৌৰৱ কঢ়িয়াই অনা তেওঁ প্ৰথমজন অসমীয়া মে’কআপ আৰ্টিষ্ট। মহোৎসৱটোলৈ আমন্ত্ৰিত হোৱা কুইন অৱ দ্যা ৱৰ্ল্ড – ইণ্ডিয়াৰ চি ই অ’ উৰ্মিলা বৰুৱা আৰু ২০২৩-২৪ৰ ‘মিছেছ ইণ্ডিয়া’ৰ খিতাপধাৰী তথা ‘কুইন অৱ দ্য ৱৰ্ল্ড – ইণ্ডিয়া’ৰ বিজয়ী প্ৰিয়া ছেগীৰ মে’কআপ আৰ্টিষ্ট তথা হেয়াৰ ষ্টাইলিষ্ট হিচাপে  বিজয়জিতে এই মহোৎসৱলৈ যোৱাৰ সুযোগ লাভ কৰিছে ।