২০২৬ চনৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক দৃশ্যপট এতিয়াৰ পৰাই উত্তপ্ত হৈ পৰিছে আৰু প্ৰতিটো দলেই নিজৰ ৰণনীতি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে। এই নিৰ্বাচনী যুঁজৰ বাবে সাজু হৈ ৰাইজৰ দলে আজি তেওঁলোকৰ খচৰা ইস্তাহাৰ গ্ৰহণ কৰে। দলটোৰ সভাপতি অখিল গগৈয়ে ঘোষণা কৰে যে অহা ১৫ জানুৱাৰীৰ ভিতৰত এই ইস্তাহাৰ জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হ’ব। অসমৰ সৰ্বাংগীণ উন্নয়ন আৰু প্ৰশাসনৰ এক স্পষ্ট ৰোডমেপ তৈয়াৰ কৰাৰ লক্ষ্যৰে বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰি এই ইস্তাহাৰ চুড়ান্ত কৰা হ’ব।
ৰাইজৰ দলৰ এক বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠকত অংশ লৈ অখিল গগৈয়ে কয় যে তেওঁলোকৰ চৰকাৰ শাসনলৈ আহিলে এক ‘নতুন অসম’ গঢ়াৰ কাম কৰিব। এই পৰিকল্পনাৰ মূল স্তম্ভ হিচাপে কৃষিখণ্ডক অগ্ৰাধিকাৰ দিছে দলটোৱে। গোটেই বছৰটো জুৰি খেতি কৰিব পৰাকৈ অসমক বহু-ফচলীয়া ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে ৰাইজৰ দলে।
ইয়াৰ উপৰি থলুৱা উৎপাদকসকলে যাতে আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতিযোগিতা কৰিব পাৰে, তাৰ বাবে বজাৰৰ ওপৰত খিলঞ্জীয়াৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিব বুলিও তেওঁ উল্লেখ কৰে।
ইস্তাহাৰত ঔদ্যোগিক বিপ্লৱৰ ওপৰতো বিশেষ গুৰুত্ব দিয়ে দলটোৱে। প্ৰতিখন গাঁও আৰু চহৰ অঞ্চলত একোটা বা দুটাকৈ উদ্যোগ স্থাপন কৰি অসমক নিবনুৱামুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। বিশেষকৈ দক্ষিণ-পূব এছিয়াৰ বাণিজ্যিক দুৱাৰ হিচাপে অসমক গঢ়ি তোলাৰ পৰিকল্পনা কৰিব ৰাইজৰ দলে। অখিল গগৈৰ মতে, তেওঁলোকৰ এই ‘বৈপ্লৱিক’ ইস্তাহাৰখনে কৃষক, শ্ৰমিক আৰু সাধাৰণ জনতাৰ জীৱনলৈ সমৃদ্ধি কঢ়িয়াই আনিব।
দলটোৱে কেইবাটাও গুৰুত্বপূৰ্ণ গেৰাণ্টি আগবঢ়ায়, যাৰ ভিতৰত শিল্পী জুবিন গাৰ্গৰ বিচাৰৰ বাবে নতুনকৈ অভিযোগনামা দাখিল কৰিব আৰু অপৰাধীক শাস্তি নিশ্চিত কৰিব বুলি উল্লেখ কৰে। ইয়াৰ উপৰি কৃষকৰ বাবে নূন্যতম সমৰ্থন মূল্য, মহিলা আৰু ৬০ বছৰৰ ঊৰ্ধ্বৰ কৃষকক মাহিলি ৩,০০০ টকাকৈ সাহায্য আৰু পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তন কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে। চাহ জনজাতিৰ মজুৰি বৃদ্ধি আৰু এনআৰচি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ দৰে বিষয়সমূহো ইস্তাহাৰত অন্তৰ্ভুক্ত কৰিছে।
