এছিয়া কাপ নেখেলাৰ সিদ্ধান্ত বিচিচিআইৰ

এছিয়া কাপ সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান ৰাজনৈতিক উত্তেজনাৰ মাজতে বিচিচিআইয়ে আগন্তুক এছিয়া কাপৰ দৰে বহুজাতিক প্ৰতিযোগিতাৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তৰ অধীনত আগন্তুক সময়ত টিম ইণ্ডিয়াই এছিয়া কাপত অংশগ্ৰহণ নকৰে। এই সন্দৰ্ভত এছিয়ান ক্ৰিকেট কাউন্সিল (এচিচি)কো অৱগত কৰিছে বিচিচিআইয়ে। ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি অহা মাহত শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া মহিলা এছিয়া কাপৰ পৰা ভাৰতক আঁতৰাই ৰখাৰ কথাও বিচিচিআইয়ে চিন্তা কৰিছে। ইয়াৰ বাহিৰেও ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া প্ৰস্তাৱিত পুৰুষ এছিয়া কাপৰ পৰা টিম ইণ্ডিয়া বাহিৰ হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান এচিচিৰ নেতৃত্বত আছে পাকিস্তানৰ ক্ৰীড়া মন্ত্ৰী তথা পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকৱী।

সূত্ৰ অনুসৰি, আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তান ক্ৰিকেটক পৃথক কৰাৰ কৌশলৰ অংশ হিচাপে বিচিচিআইয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। বিচিচিআইৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে পাকিস্তানী মন্ত্ৰীৰ নেতৃত্বত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত ভাৰতীয় দলে অংশগ্ৰহণ নকৰে। এইটো দেশৰ আৱেগৰ সৈতে জড়িত বিষয়। লগতে তেওঁ কয় যে বিচিচিআইয়ে এচিচিক মৌখিকভাৱে জনাইছে যে ভাৰতে ইমাৰ্জিং এছিয়া কাপৰ পৰা আঁতৰি আহিছে আৰু ভৱিষ্যতে এনে প্ৰতিযোগিতাত অংশগ্ৰহণ স্থগিত ৰখা হ’ব। সূত্ৰ অনুসৰি এই সমগ্ৰ বিষয়ত বিচিচিআই ভাৰত চৰকাৰৰ সৈতে অহৰহ যোগাযোগত আছে আৰু এই সিদ্ধান্ত চৰকাৰৰ সন্মতি সাপেক্ষে লোৱা হৈছে।

এইটো স্পষ্ট যে এয়া কেৱল ক্ৰীড়াৰ বিষয় নহয়, বৰঞ্চ ৰাষ্ট্ৰীয় নীতি আৰু কূটনৈতিক দৃষ্টিভংগীৰ সৈতে জড়িত সিদ্ধান্ত। বিচিচিআইৰ এই স্থিতিয়ে ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া পুৰুষ এছিয়া কাপ সন্দৰ্ভত অনিশ্চয়তা আৰু গভীৰ কৰি তুলিছে। সূত্রৰ উদ্ধৃতিৰে প্রতিবেদনত প্রকাশ কৰা হৈছে যে যদি ভাৰতে প্রতিযোগিতাখনৰ পৰা আঁতৰি থাকে তেন্তে এছিয়া কাপৰ আকর্ষণীয়তা আৰু বাণিজ্যিক মূল্য দুয়োটাতে বেয়া প্রভাৱ পৰিব৷ ভাৰত আৰু পাকিস্তানৰ এই মেচখন লাখ লাখ দৰ্শকৰ বাবে হাই ভল্টেজ মেচে নহয়, সম্প্ৰচাৰক আৰু পৃষ্ঠপোষকৰ বাবেও ৰাজহ সংগ্ৰহৰ বৃহৎ উৎস।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *