মাৰ্চত ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ দিন; ১৫ ফেব্ৰুৱাৰীৰ পাছত অসমলৈ আহিব নিৰ্বাচন আয়োগৰ পূৰ্ণকালীন বিচাৰপীঠ

ৰাজ্যৰ নিৰ্বাচনী বতাহ গৰম হৈ থকাৰ মাজতে আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে ৰাজ্যত উপস্থিত হ’ব নিৰ্বাচন আয়োগৰ এক পূৰ্ণকালীন বিচাৰপীঠ। নতুন দিল্লীৰ এক বিশেষ সূত্ৰই জনোৱা অনুসৰি, অহা ১৫ ফেব্ৰুৱাৰীৰ পাছতে কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ দলটোৱে অসমৰ লগতে নিৰ্বাচন হ’বলগীয়া আন চাৰিখন ৰাজ্য ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ পাছতে মাৰ্চ মাহৰ প্ৰথম ভাগত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

দেশৰ মুঠ ৮২৪ টা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া এই বৃহৎ গণতান্ত্ৰিক উৎসৱৰ বাবে ইতিমধ্যে নিৰ্বাচন আয়োগে ১,৪৪৪ গৰাকী পৰ্যবেক্ষকক নিয়োগ কৰিছে। বৃহস্পতিবাৰে নতুন দিল্লীৰ ইণ্ডিয়া ইন্টাৰনেশ্যনেল ইনষ্টিটিউট অফ ডেমক্ৰেচি এণ্ড ইলেকচন মেনেজমেণ্টত আয়োজিত এক বিশেষ বৈঠকত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে এই নিৰীক্ষকসকলক গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে। তেওঁ কয়, “আপোনালোক হ’ব নিৰ্বাচন আয়োগৰ চকু আৰু কাণ। নিৰ্বাচন প্ৰক্ৰিয়াটো যাতে সম্পূৰ্ণ স্বচ্ছ আৰু নিকা হয়, সেয়া নিশ্চিত কৰাটোৱেই আপোনালোকৰ মূল দায়িত্ব।”

আয়োগৰ নিৰ্দেশ মৰ্মে মুঠ ৭১৪ গৰাকী জেনেৰেল অৱজাৰ্ভাৰ, ২৩৩ গৰাকী পুলিচ অৱজাৰ্ভাৰ আৰু ৪৯৭ গৰাকী খৰচ পাতি নিৰীক্ষণকাৰী পৰ্যবেক্ষকে নিৰ্বাচনী কাম-কাজ তদাৰক কৰিব। এই বিষয়াসকলে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলৰ অভিযোগসমূহ তৎক্ষণাত নিৰাময় কৰাৰ লগতে আয়োগৰ নীতি-নিৰ্দেশনা কঠোৰভাৱে পালন কৰিব লাগিব। উল্লেখযোগ্য যে, নিৰ্বাচন ঘোষণাৰ পূৰ্বে আয়োগৰ এই তৎপৰতাই এতিয়া সমগ্ৰ ৰাজ্যতে নিৰ্বাচনী তৎপৰতা দুগুণে বৃদ্ধি কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *