ভাৰতৰ সুৰক্ষা ব্যৱস্থাত এক নতুন ডিজিটেল যুগৰ সূচনা কৰি সন্ত্ৰাসবাদ বিৰোধী অভিযানক এতিয়া অধিক অত্যাধুনিক কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে ভাৰতৰ প্ৰথমটো ৰাষ্ট্ৰীয় আইইডি ডাটা মেনেজমেণ্ট চিষ্টেম উদ্বোধন কৰে। দেশৰ কাউণ্টাৰ-আইইডি আৰু আভ্যন্তৰীণ নিৰাপত্তা গাঁথনি অধিক শক্তিশালী কৰাৰ দিশত এই পদক্ষেপক এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তা গাৰ্ড অৰ্থাৎ এনএছজিৰ দ্বাৰা বিকশিত এই সুৰক্ষিত ডিজিটেল প্লেটফৰ্মে আইইডি সম্পৰ্কীয় তথ্য সংগ্ৰহ, একত্ৰীকৰণ আৰু বিতৰণৰ কাম পৰিপাটিকৈ কৰিব।
ভাৰ্চুৱেল উদ্বোধনৰ সময়ত অমিত শ্বাহে কয় যে এই ব্যৱস্থাৰ জৰিয়তে বিভিন্ন সংস্থাসমূহৰ মাজত সমন্বয় এতিয়া অধিক উন্নত হ’ব। সঠিক সময়ত আৰু সঠিক স্থানত প্ৰয়োজনীয় তথ্য যোগান ধৰাৰ ই এক অতি কাৰ্যকৰী মাধ্যম হ’ব বুলি তেওঁ উল্লেখ কৰে। উল্লেখ্য যে, ১৯৮৪ চনত প্ৰতিষ্ঠা হোৱা এনএছজিয়ে বিশ্বজুৰি হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ বিশ্লেষণ কৰি যিকোনো পৰিস্থিতিৰ বাবে নিজকে সাজু কৰি ৰাখিছে। সন্ত্ৰাসবাদ বিৰোধী কাৰ্যকলাপ, বিমান অপহৰণ বিৰোধী অভিযান আৰু বোমা নিষ্ক্ৰিয়কৰণৰ উন্নত ব্যৱস্থাৰ লগতে এতিয়া সকলো সংস্থাৰ বাবে এই তথ্য বিনিময়ৰ মঞ্চখন তৈয়াৰ কৰাটো এনএছজিৰ এক উল্লেখযোগ্য সাফল্য।
এনএছজিৰ সঞ্চালক প্ৰধান ভৃগু শ্ৰীনিবাসনে জনায় যে যোৱা ১১ মাহত আন সংস্থাসমূহৰ সহযোগত এই ব্যৱস্থাটো প্ৰস্তুত কৰিছে। এনআইডিএমএছৰ জৰিয়তে ৰাজ্যিক আৰক্ষী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অন্যান্য কেন্দ্ৰীয় সংস্থাসমূহে তথ্য লাভ কৰাৰ লগতে তাৰ বিশ্লেষণ কৰিব পাৰিব। ইয়াৰ ফলত সন্ত্ৰাসবাদী আৰু বিদ্ৰোহী আক্ৰমণ প্ৰতিৰোধৰ কাম ক্ষিপ্ৰ হ’ব আৰু তদন্ত প্ৰক্ৰিয়া অধিক সৰল কৰি তুলিব। এই প্লেটফৰ্মে ফৰেনছিক বিশ্লেষণ, প্ৰশিক্ষণ আৰু অভিযানৰ পৰিকল্পনা উন্নত কৰাত সহায় কৰিব। সন্ত্ৰাসবাদী আৰু বিদ্ৰোহী গোটবোৰে সাধাৰণতে সুৰক্ষা বাহিনী আৰু সাধাৰণ ৰাইজক লক্ষ্য কৰিবলৈ আইইডি ব্যৱহাৰ কৰে। এনআইডিএমএছৰ জৰিয়তে প্ৰযুক্তি আৰু ডাটা এনালিটিক্স ব্যৱহাৰ কৰি দেশৰ প্ৰস্তুতি বৃদ্ধি কৰিব আৰু যিকোনো ঘটনাৰ সময়ত দ্ৰুত সঁহাৰি নিশ্চিত কৰিব। কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপে অনাগত দিনত উগ্ৰপন্থী কাৰ্যকলাপ নিয়ন্ত্ৰণত বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
