সমাগত নিৰ্বাচনৰ উত্তাল পৰিৱেশৰ মাজতে এতিয়া তীব্ৰতৰ হৈ পৰিছে ৰাজনৈতিক কুচকাৱাজ। শনিবাৰে কাছাৰ জিলাত এক বিশাল জনসভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে দলটোৱে দেশজুৰি জনসমৰ্থন হেৰুৱাইছে আৰু অতি সোনকালেই নিৰ্বাচনী পৰাজয়ৰ ‘চেঞ্চুৰী’ অৰ্থাৎ ১০০ টা পৰাজয় অতিক্ৰম কৰিব।
কংগ্ৰেছৰ ধাৰাবাহিক ব্যৰ্থতাৰ প্ৰসংগত মোদীয়ে কয়, “আপোনালোকে ইতিমধ্যে অসমৰ পৰা কংগ্ৰেছক উৎখাত কৰিছে। আজি দেশৰ প্ৰতিখন ৰাজ্যই কংগ্ৰেছক এশিকনি দিছে। এটাৰ পিছত এটাকৈ নিৰ্বাচনত দলটো পৰাস্ত হৈছে আৰু অনাগত সময়ত কংগ্ৰেছে পৰাজয়ৰ শতক অৰ্জন কৰাটো নিশ্চিত।”
শেহতীয়া এক প্ৰতিবাদক লৈ বিৰোধীক তুচ্ছজ্ঞান কৰি তেওঁ পুনৰ কয়, “এআই সন্মিলনক বদনাম কৰাৰ চেষ্টাত কংগ্ৰেছে এক অদ্ভুত প্ৰতিবাদ সাব্যস্ত কৰিছে- ৰাজহুৱা স্থানত নিজৰ কাপোৰ নিজেই ফালিছে। এনে লাগে যেন হতাশাত ভুগি এতিয়া নিজৰ কাপোৰ ফালিবলৈহে তেওঁলোকৰ বাকী আছে। সমগ্ৰ দেশে এই কাৰ্যক গৰিহণা দিছে।”
আনহাতে, বিজেপি চৰকাৰৰ উন্নয়নমূলক এজেণ্ডাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সীমান্তৱৰ্তী অঞ্চলৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে পূৰ্বৰ চৰকাৰসমূহে সীমান্তৰ গাঁওবোৰক দেশৰ ‘শেষ গাঁও’ বুলি গণ্য কৰিছিল, কিন্তু তেওঁলোকৰ চৰকাৰে ইয়াক ‘প্ৰথম গাঁও’ বুলিহে জ্ঞান কৰে। ইয়াৰ অংশস্বৰূপেই কাছাৰৰ পৰা ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম’ৰ পৰৱৰ্তী পৰ্যায় মুকলি কৰা বুলি তেওঁ জানিবলৈ দিয়ে।
বিশ্বৰ বৰ্তমানৰ যুদ্ধসদৃশ পৰিস্থিতিৰ কথা উল্লেখ কৰি মোদীয়ে কয়, “বৰ্তমান বিশ্বজুৰি যুদ্ধৰ পৰিৱেশ বিৰাজ কৰিছে। আমাৰ চৰকাৰে অহোপুৰুষাৰ্থ কৰিছে যাতে ভাৰতীয় নাগৰিকসকলে এই বৈশ্বিক সংঘাতৰ বাবে নূন্যতম সমস্যাৰহে সন্মুখীন হয়।”
তেওঁ লগতে কয়, “বিশ্বৰ যিবোৰ শক্তিয়ে ভাৰতৰ দ্ৰুত উন্নয়নক সহজভাৱে ল’ব পৰা নাই, কংগ্ৰেছ এতিয়া সেই শক্তিৰ হাতৰ পুতলাত পৰিণত হৈছে।” ইফালে চাহ জনজাতিৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ভূমি অধিকাৰৰ ঐতিহাসিক পদক্ষেপক প্ৰধানমন্ত্ৰীয়ে ভূয়সী প্ৰশংসা কৰে। নিৰ্বাচনৰ মুখত প্ৰধানমন্ত্ৰীৰ এই তীব্ৰ আক্ৰমণাত্মক স্থিতিৰ পিছতে এতিয়া ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে।
