বৰপেটা সত্ৰৰ মূল কীৰ্তন ঘৰৰ টিনপাত সলনিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

81

ঐতিহ্যমণ্ডত বৰপেটা সত্ৰৰ মূল কীৰ্তন ঘৰৰ চালিৰ টিনপাত সলনি কামৰ  শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ নলবাৰী অনুষ্ঠিত হোৱা কেবিনেট শেষ কৰি কালি বিয়লি ৫- ৩০ বজাত মুখ্যমন্ত্ৰী শৰ্মাই উপস্থিত হয় বৰপেটা সত্ৰত ৷ মুখ্যমন্ত্ৰীয়ে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ বাসগৃহৰ মঠৰ চোতালত আঠু লৈ সেৱা জনোৱাৰ পাছত সত্ৰৰ চৌদিশে এবাৰ পৰিভ্ৰমণ কৰে ৷ তাৰ পাছত সত্ৰৰ টুপৰ চোতালৰ পৰা এখন নতুন টিনপাত ওপৰলৈ তুলি দি কীৰ্তন ঘৰটোৰ টিনপাত সলনি কৰা প্ৰক্ৰিয়া আৰম্ভ কৰে ৷

উল্লেখ্য যে বৃন্দাৱনী বস্ত্ৰৰ জোখত নিৰ্মিত  ১২০ হাত দীঘল আৰু ৬০ হাত বহল সত্ৰৰ মূল কীৰ্তন ঘৰটোৰ টিনপাত সলনিৰ কৰাৰ বাবে চৰকাৰৰ পৰা ১  কৌটি টকাৰ অনুমোদন জনাইছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷যোৱা মাৰ্চ মাহত অনুষ্ঠিত হৈ যোৱা দৌল মহোৎসৱত মুখ্যমন্ত্ৰীয়ে বৰপেটা সত্ৰলৈ আহোতে সত্ৰ পৰিচালনা সমিতিয়ে কীৰ্তন ঘৰৰ টিনপাতখিনি সলনি কৰাৰ বাবে মুখ্যমন্ত্ৰীক আৰ্থিক অনুদান বিচাৰি আবেদন জনাইছিল ৷

স্মৰ্তব্য যে, বৰপেটা সত্ৰৰ মূল কীৰ্তন ঘৰৰ চালিৰ টিনপাতখিনি ১৯৬২ চনত লগোৱা হৈছিল ৷ এই টিনপাতখিনি কলকাতাৰ পৰা অনা হৈছিল ৷ সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীয়ে কয় বৰপেটাৰ সত্ৰৰ দৰে এখন ঐতিহ্য মণ্ডিত সত্ৰত উন্নয়ন মূলক কাম কৰিবলৈ পাই নথৈ আনন্দিত ৷ সত্ৰখনৰ উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব বুলি কৈ কীৰ্তন ঘৰৰ টিনপাত সলনি প্ৰক্ৰিয়াটো অহা আগষ্ট মাহৰ ভিতৰত সম্পূৰ্ণ হব বুলি ঘোষণা কৰে ৷ মুখ্যমন্ত্ৰীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ স্থাপিত পাটবাউসী সত্ৰত ধাৰ্য কৰা অভিলাষী প্ৰকল্পৰ কাম আগষ্টৰ শেষ অথবা ছেপ্তেম্বৰৰ প্ৰথম ভাগৰ পৰা আৰম্ভ কৰা হ’ব বুলি কয় ৷  মুখ্যমন্ত্ৰীয়ে বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বেদখল মুক্ত কৰা ৫০০ বিঘা মাটিৰ ১০০ বিঘা মাটি বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ অসমলৈ হস্তান্তৰ কৰাৰ অনুমতি প্ৰদান কৰে ৷ ইয়াৰ পিছত  মুখ্যমন্ত্ৰী গৰাকীয়ে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ যায় ৷