উল্লুকে ধৰি ২৫টা এপক নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

আপত্তিজনক বিষয়বস্তু সম্প্ৰচাৰ কৰা এপসমূহৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে উল্লুকে ধৰি ২৫টা এপ নিষিদ্ধ কৰিছে। পৰ্ণগ্ৰাফিক বিষয়বস্তু আৰু আপত্তিজনক বিজ্ঞাপন দেখুওৱা এপ চিনাক্ত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে।
চৰকাৰে জাৰি কৰা এক অধিসূচনা অনুসৰি সকলো ইন্টাৰনেট সেৱা প্ৰদানকাৰী (আই এছ পি)ক এই ২৫টা এপক নিজৰ চাৰ্ভাৰৰ পৰা ব্লক কৰি তৎক্ষণাত প্ৰৱেশ কৰ্তন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ৰিপৰ্ট অনুসৰি অশ্লীল আৰু আপত্তিজনক বিষয়বস্তুৰ প্ৰসাৰ ৰোধ কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তথ্য অনুসৰি নিষিদ্ধ সকলো এপ আৰু ৱেবছাইটত পৰ্ণগ্ৰাফিক কন্টেন্টকে ধৰি আপত্তিজনক বিজ্ঞাপন প্ৰদৰ্শিত হয়।
এনে পৰিস্থিতিত তেওঁলোকে আই টি আইন, ২০০০ৰ ধাৰা ৬৭ আৰু ধাৰা ৬৭এ, ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ ধাৰা ২৯৪ আৰু মহিলাৰ অশ্লীল প্ৰতিনিধিত্ব (নিষেধাজ্ঞা) আইন, ১৯৮৬ৰ ধাৰা ৪কে ধৰি বহু নিয়ম উলংঘা কৰে।এই কাৰণেই তেওঁলোকক নিষিদ্ধ কৰা হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *