গুৱাহাটীৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত আজি শুনানি অন্ত পৰাৰ পাছতো অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন সন্দৰ্ভত কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নহ’ল। আদালতে অভিযুক্ত তিনিওগৰাকীৰে জামিন আবেদনৰ ৰায়দান বৰ্তমানৰ বাবে স্থগিত ৰাখিছে। প্ৰাপ্ত তথ্য অনুসৰি, আদালতে অহা ৩০ জানুৱাৰী তাৰিখে এই আবেদনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। উক্ত দিনটোতে নিয়মীয়া শুনানিৰ অন্তত অভিযুক্তসকলৰ জামিন মঞ্জুৰ হ’ব নে নাই, সেই সন্দৰ্ভত আদালতৰ চূড়ান্ত ৰায়দান প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে।
আনহাতে, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰৰ সৈতে জড়িত হৈ থকা আন দুই অভিযুক্ত সন্দীপন গাৰ্গ আৰু শ্যামকানু মহন্তই আজি এক নাটকীয় পৰিৱেশত আদালতৰ পৰা নিজৰ জামিন আবেদন প্ৰত্যাহাৰ কৰে। শুনানি চলি থকাৰ সময়তে দুই অভিযুক্তৰ অধিবক্তাই আদালতক অৱগত কৰে যে তেওঁলোকে বৰ্তমানৰ বাবে জামিনৰ আবেদন উঠাই ল’ব বিচাৰে। এই গুৰুত্বপূৰ্ণ গোচৰটোৰ আইনী প্ৰক্ৰিয়াই এতিয়া এক নতুন মোৰ লৈছে।
