ঠিকনা সলনি হ’ল গুৱাহাটী পৌৰ নিগমৰ

ঠিকনা সলনি হ’ল গুৱাহাটী পৌৰ নিগমৰ। এতিয়াৰে পৰা গুৱাহাটী পৌৰ নিগমৰ স্হায়ী ঠিকনা হ’ল বেতকুছি। বৃহস্পতিবাৰে বেতকুছিত নৱনিৰ্মিত গুৱাহাটী পৌৰ নিগমৰ মুখ্য কাৰ্যালয় -গুৱাহাটী পৌৰ সেৱা ভৱন উদ্বোধন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰে ভৱনটো। মেয়ৰ, উপ-মেয়ৰ, বিষয়াৰ কাৰ্যালয়, সভাগৃহ, কেণ্টিন, ছফ্টৱেৰ ডেভেলপাৰ, অতিথিসকলৰ বাবে সুবিধাসহ সকলো আধুনিক ব্যৱস্থাসমৃদ্ধ ভৱনটি প্ৰশাসনিক কাম-কাজবোৰ ৰাইজৰ কাষলৈ নিয়াত সহায়ক হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *