ৰাজ্যৰ শিক্ষাখণ্ডলৈ নতুন বার্তা কঢ়িয়াই শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় দ্বাত্রিংশতম দীক্ষান্ত সমাৰোহ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৩০০ খনতকৈও অধিক মহাবিদ্যালয়ৰ সৰ্বমুঠ ৩৭৪৩ গৰাকী শিক্ষার্থীক এই অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাৱে সন্মানীয় ডিগ্রী প্ৰদান কৰা হয়। লগতে সৰ্বমুঠ ১৪৮ গৰাকী ব্যক্তিলৈ পি এইচ ডি ডিগ্রী আগবঢ়োৱা হয়। দীক্ষান্ত সমাৰোহৰ সভাপতিত্ব কৰে অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচার্য লক্ষ্মণ প্রসাদ আচার্য্যই। সম্মানীয় অতিথি হিচাপে উপষ্ঠিত থাকে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। ইয়াৰোপৰি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে। বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই আদৰণী ভাষণ আগবঢ়োৱাৰ পাছতে উপাচার্য অধ্যাপক ননীগোপাল মহন্তই উপস্থিত ৰাইজক সম্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বর্ণিল ইতিহাস – বর্তমান সামৰি তত্ত্বগধূৰ বক্তৃতা আগবঢ়ায়। ইয়াৰ পাছতেই টেৰিৰ মুখ্য সঞ্চালক ড০ বিভা ধাৱানে ভাষণ প্রদান কৰি বহনক্ষম উন্নয়ন, জৈৱিক শক্তি আৰু প্ৰাকৃতিক সমলৰ সংৰক্ষণ তথা যথোপযুক্ত ব্যৱহাৰৰ বিষয়ে মন্তব্য আগবঢ়ায়। উপস্থিত শিক্ষামন্ত্রী ৰণোজ পেগুয়ে নিজৰ ভাষণত এখন বিকশিত ভাৰত গঢ়াৰ ক্ষেত্রত কৃত্তিম বুদ্ধিমত্তা, আৱেগিক বুদ্ধিমত্তা, সময়ানুৱতীতা আৰু দক্ষতাকেন্দ্রিক তথা কৌশলগত শিক্ষাৰ প্ৰয়োজনীয়তা সম্পর্কে দোহাৰে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছতেই বিলুপ্তপ্রায় ভাষা তথা থলুৱা সাংস্কৃতিক উপাদান সংৰক্ষণ আৰু ঐতিহাসিক গুৰুত্ব বহন কৰা পাণ্ডুলিপি অধ্যয়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে শেহতীয়াকৈ আৰম্ভ কৰা প্ৰকল্পসমূহ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে। উপস্থিত ছাত্র ছাত্রী, শিক্ষক তথা অতিথিসকলক সম্বোধন কৰি মুখ্যমন্ত্রীদেৱে পোনতেই শেহতীয়াকৈ কাশ্মীৰত সংঘটিত সন্ত্রাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱাসকসৰ প্ৰতি গভীৰ শ্রদ্ধাঞ্জলি প্ৰদান কৰে। নিজৰ ভাষণত তেওঁ ভাৰতৰ প্ৰাচুৰ্য্যময় ইতিহাস আৰু অসমৰ সোণোৱালী সভ্যতাক উপস্থাপন কৰি ৰাজ্য চৰকাৰে কিদৰে অসমৰ পূৰ্বৰ গৌৰৱ গৰিমা ঘূৰাই আনিবৰ বাবে অহর্নিশে কাম কৰিছে, সেয়া সুন্দৰভাৱে উল্লেখ কৰে। অসমৰ শিক্ষাখণ্ডৰ প্ৰগতিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কিদৰে অহোপুৰুষাৰ্থ কৰিছে সেয়াও তেখেতে উল্লেখ কৰে। এখন শান্তিময়, সমৃদ্ধিশালী, প্ৰগতিৰ অসমৰ বাবে তেখেতৰ সপোনৰ বিষয়ে কৈ তেখেতে এইবুলি মতপোষণ কৰে যে এখন বিকশিত ভাৰতৰ এখন বিকশিত অসমক গঢ় দিবলৈ আৰু অর্থনৈতিক-সাংস্কৃতিক- শৈক্ষিক- বৌদ্ধিক আদি সকলো স্তৰৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰ দৃঢ়প্রতিজ্ঞ।
আৰু বৌদ্ধিক- নৈতিক- সামাজিক ক্ষেত্রসমূহত আগভাগ লবলৈ বিশ্ববিদ্যালয়ৰ ছাত্রসমাজক আহ্বান জনায়। ভাষণৰ শেষত মুখ্যমন্ত্রী শর্মাই গুৱাহাটী বিশ্ববিদ্যালয়লৈ আগক্তক পাঁচবছৰৰ বাবে ২৫০ কৌটি টকাৰ অনুদান আগবঢ়ায়।ৰাইজক সম্বোধন কৰি অসমৰ মহামান্য ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচার্য লক্ষ্মণ প্রসাদ আচার্য্যই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জ্ঞানী আৰু বিদ্বানসকলৰ বিষয়ে কোৱা শ্লোকৰ উদ্ধৃতি দি কয় যে শিক্ষাৰ জৰিয়তে মানুহে জীৱনৰ দুই মূল উদ্দেশ্য- জ্ঞান বিস্তাৰ আৰু চৰিত্ৰ নিৰ্মাণ সার্থক কৰিব পাৰে।