ভয়ংকৰ পথ দুৰ্ঘটনা! উধামপুৰত বাছ-কাৰ-বাইকৰ মাজত সংঘৰ্ষত তিনিজনৰ মৃত্যু

এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণহানি হ’ল তিনিজনকৈ লোকৰ। জম্মু-কাশ্মীৰৰ উধামপুৰৰ জখানী চক ৰোডত সংঘটিত হয় এক মৰ্মান্তিক পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী যাত্ৰীবাহী বাছে এখন কাৰ আৰু এখন মটৰ চাইকেলক খুন্দা মৰাৰ ফলত এই মৰ্মান্তিক ঘটনাটো ঘটে। প্ৰত্যক্ষদৰ্শীৰ মতে, সংঘৰ্ষৰ মাত্ৰা ইমানেই তীব্ৰ আছিল যে বাহনকেইখনৰ ধবংসাৱশেষৰ পৰা মৃতদেহকেইটা উদ্ধাৰ কৰাত যথেষ্ট কষ্ট কৰিবলগীয়া হয়।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়। আৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতালৰ মৰ্গত ৰখাৰ ব্যৱস্থা কৰে। উল্লেখযোগ্য যে, দুৰ্ঘটনাটো কেনে পৰিস্থিতিত সংঘটিত হ’বলৈ পালে, সেই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই ইতিমধ্যে এক তদন্ত আৰম্ভ কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *