ওড়িশাৰ ৰাউৰকেলাত ভয়াৱহ বিমান দুৰ্ঘটনা! সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা ৭ যাত্ৰীৰ

ওড়িশাৰ ৰাউৰকেলাত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা। ভুৱনেশ্বৰৰ পৰা ৰাউৰকেলা অভিমুখী এখন ৯খন আসনযুক্ত সৰু বিমান অৱতৰণৰ মাত্ৰ কেইমিনিটমান পূৰ্বে দুৰ্ঘটনাত পতিত হয়। ইণ্ডিয়া ৱান এয়াৰৰ এই বিমানখনত পাইলটসহ মুঠ ৭জন লোক আছিল আৰু এই ভয়াৱহ দুৰ্ঘটনাটোৰ পাছতো সকলো যাত্ৰী সুৰক্ষিত থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, ৰাউৰকেলাৰ পৰা প্ৰায় ১০-১৫ কিলোমিটাৰ দূৰত্বত বিমানখন দুৰ্ঘটনাত পতিত হয়। বিমানখনত ৬জন যাত্ৰী আৰু এজন পাইলট আছিল। দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ আহত যাত্ৰীসকলক উদ্ধাৰ কৰে। আহত আটাইকেইজন লোককে ইতিমধ্যে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উদ্ধাৰকাৰীৰ মতে, এনে এক বৃহৎ দুৰ্ঘটনাত সকলো যাত্ৰী প্ৰাণে ৰক্ষা পৰাটো এক অলৌকিক ঘটনা।

ইফালে, কি পৰিস্থিতিত এই দুৰ্ঘটনাটো সংঘটিত হ’ল সেই বিষয়ে এতিয়ালৈকে কোনো স্পষ্ট তথ্য পোৱা হোৱা নাই। ভুৱনেশ্বৰৰ পৰা পৰ্যটন বিভাগৰ এটা বিশেষ দলেও ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল’ব বুলি জানিবলৈ দিয়ে। বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, তদন্তৰ পাছতহে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব। বৰ্তমান উদ্ধাৰ অভিযান সমাপ্ত হৈছে আৰু প্ৰশাসন হাই এলাৰ্টত আছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *