এক ভয়াৱহ বিমান দুৰ্ঘটনাৰ কৰুণ পৰিণতিয়ে বৰ্তমান শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে দক্ষিণ আমেৰিকাৰ দেশ কলম্বিয়াত। বুধবাৰে উত্তৰ-পূব কলম্বিয়াৰ এখন ভিতৰুৱা গাঁৱত ১৫ জন লোকসহ এখন সৰু যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত বিমানখনত থকা প্ৰতিগৰাকী যাত্ৰীৰ মৃত্যু হয়। উত্তৰ চাণ্টাণ্ডাৰ প্ৰদেশত সংঘটিত এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। উল্লেখ্য যে, চৰকাৰী মালিকানাধীন বিমান সংস্থা চাটেনাই পৰিচালনা কৰা এইচকে ৪৭০৯ পঞ্জীয়নভুক্ত বিমানখনে স্থানীয় সময় অনুসৰি পুৱা ১১:৪২ বজাত কুুকুটা চহৰৰ পৰা উৰা মাৰিছিল। যাত্ৰাপথত ওকাণো নামৰ এখন পাহাৰীয়া চহৰলৈ গৈ থকা অৱস্থাত উৰণৰ মাত্ৰ কেইমিনিটমানৰ পাছতেই বিমানখনৰ সৈতে নিয়ন্ত্ৰণ কক্ষৰ যোগাযোগ বিছিন্ন হৈ পৰে। পৰৱৰ্তী সময়ত কুৰাচিকা গাঁৱৰ স্থানীয় বাসিন্দাসকলে দুৰ্ঘটনাস্থলী প্ৰত্যক্ষ কৰি কৰ্তৃপক্ষক অৱগত কৰে।
ইফালে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় যদিও দুৰ্ভাগ্যজনকভাৱে কোনো এজন যাত্ৰীকে জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা নগ’ল। বিমানখনত মুঠ ১৩ জন যাত্ৰী আৰু দুজন ক্ৰু মেম্বাৰ আছিল। এই দুৰ্ভাগ্যজনক যাত্ৰীসকলৰ ভিতৰত কলম্বিয়াৰ আভ্যন্তৰীণ সশস্ত্ৰ সংঘাতৰ বলি হোৱা লোকসকলৰ স্থানীয় প্ৰতিনিধি ডায়োজিন কুিণ্টেৰো নামৰ ব্যক্তিজনো আছিল বুলি জানিব পৰা গৈছে। তদুপৰি দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ঘন কুঁৱলী নে কাৰিকৰী বিজুতিৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হ’ল, সেই বিষয়ে এতিয়াও নিশ্চিত তথ্য লাভ কৰা হোৱা নাই। বৰ্তমান দুৰ্ঘটনাস্থলীৰ পৰা মৃতদেহসমূহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে।
