পাকিস্তানত হামাছ-লস্কৰৰ ভয়ংকৰ মিত্ৰজোঁটঃ লস্কৰৰ মঞ্চত মুখ্য অতিথি হামাছ কমাণ্ডাৰ

সন্ত্ৰাসবাদীৰ সুৰক্ষিত আশ্ৰয়স্থল হিচাপে পৰিচিত পাকিস্তানত এইবাৰ হামাছ আৰু লস্কৰ-এ-তৈবাৰ মাজত এক ভয়ংকৰ মিত্ৰতা গঢ় লৈ উঠিছে। নিজৰ ভূমিত চৰমপন্থী সংগঠনক লালন-পালন কৰাৰ পুৰণি ইতিহাস থকা দেশখনত এতিয়া বৈশ্বিক সন্ত্ৰাসবাদী গোটৰ এই নতুন সমীকৰণে বিশ্ববাসীক চিন্তিত কৰি তুলিছে। শেহতীয়াকৈ পাকিস্তানৰ গুজৰানৱালাত পাকিস্তান মাৰ্কাজী মুছলিম লীগৰ এক কাৰ্যসূচীত হামাছৰ কুখ্যাত কমাণ্ডাৰ নাজি জহীৰক লস্কৰৰ নেতা ৰছিদ আলী সান্ধুৰ সৈতে একেখন মঞ্চতে দেখা যায়। লস্কৰৰ ৰাজনৈতিক মুখ হিচাপে পৰিচিত এই সংগঠনটোৰ মঞ্চত জহীৰক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰা হয়।

তদন্তত পোহৰলৈ আহে যে নাজি জহীৰে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত পাকিস্তান অধিকৃত কাশ্মীৰ ভ্ৰমণ কৰি লস্কৰ আৰু জৈছ-ই-মহম্মদৰ কমাণ্ডাৰসকলৰ সৈতে মিলি ভাৰত বিৰোধী উমৈহতীয়া ৰেলীত অংশগ্ৰহণ কৰিছিল। আনকি ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েচনেও এইগৰাকী সন্ত্ৰাসবাদীক বিশেষ সন্মান জনাইছে। জহীৰৰ বাৰে বাৰে পাকিস্তানলৈ আগমন আৰু লস্কৰৰ সৈতে গঢ়ি উঠা এই সঘন যোগাযোগে হামাছ আৰু লস্কৰ এতিয়া একে মুদ্ৰাৰ ইপিঠি-সিপিঠি হৈ পৰাৰ কথাটোকে প্ৰমাণ কৰিছে। পাকিস্তানৰ এই সন্ত্ৰাসবাদী মিত্ৰতাই বৰ্তমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দেশখনৰ এই স্থিতিয়ে বিশ্বৰ নিৰাপত্তাৰ প্ৰতি কেনেধৰণৰ ভাবুকি কঢ়িয়াই আনিছে, সেয়া এতিয়া বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে। সন্ত্ৰাসবাদী জহীৰক পাকিস্তানৰ বিভিন্ন অনুষ্ঠানত যিধৰণৰ ৰাজকীয় সন্মান প্ৰদান কৰা হৈছে, সি পাকিস্তানৰ প্ৰকৃত স্বৰূপটোকে পুনৰবাৰ বিশ্বৰ আগত উদঙাই দিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *