নিৰ্মীয়মান উপাসনা স্থলীৰ কাষত খেলি থকাৰ সময়তে তিনি শিশুৰ বাবে নামি আহিল অকাল মৃত্যু। মধ্যপ্ৰদেশৰ মৰেনো জিলাৰ জৌৰা অঞ্চলত এটা পুৰণি মাতা মন্দিৰৰ জিৰ্ণোদ্ধাৰৰ কাম চলি থকাৰ সময়তে মন্দিৰৰ ছাদৰ চিৰি খহি পৰাৰ ফলত তিনিগৰাকী নিষ্পাপ কন্যা শিশুৰ থিতাতে মৃত্যু ঘটে। মন্দিৰটোত গুহা বা গম্বুজ নিৰ্মাণৰ কাম চলি আছিল আৰু সেই সময়তে এই অঘটনটো ঘটে।
এই মৰ্মান্তিক দুৰ্ঘটনাত আন আঠগৰাকী কন্যা শিশুৰ লগতে এহাল দম্পতিও গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে। জানিব পৰা মতে, সতীশ গৌড় নামৰ ব্যক্তিজনে পৰিয়ালৰ সৈতে পূজা কৰিবলৈ যোৱাৰ সময়তে গাঁৱৰ আন দহ-বাৰগৰাকী কণমানিও তাত প্ৰসাদ ল’বলৈ উপস্থিত হৈছিল। হঠাতে মন্দিৰৰ চালখন হুৰমূৰকৈ খহি পৰে আৰু তাৰ তলত সকলো আৱদ্ধ হৈ পৰে। দুৰ্ঘটনাত ১১ বছৰীয়া দীপ্তি, ৭ বছৰীয়া ছায়া আৰু ৯ বছৰীয়া কৰিশ্মাৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
স্থানীয় ৰাইজে ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান চলাই আহতসকলক কাইলাৰাস স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে। অৱশ্যে আঘাতৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত চিকিৎসাৰ বাবে দম্পতিটোৰ লগতে আন চাৰিজন আহতক জিলা হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। প্ৰশাসনৰ তৰফৰ পৰা মন্দিৰ নিৰ্মাণৰ এই কামৰ ত্ৰুটি সন্দৰ্ভত এক তদন্ত আৰম্ভ কৰা হৈছে।
