বিয়া খাই ওভতাৰ পথত ভয়াৱহ দুৰ্ঘটনা, ছয় যুৱকৰ মৃত্যু

বিবাহৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘৰলৈ উভতি অহাৰ পথত মঙলবাৰে নিশা জয়পুৰ-আগ্ৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কেলাইত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ছয়জন যুৱকে। নিহতসকল দৌচা জিলাৰ কালাখোহ গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে। পুলিচৰ তথ্য মতে, নিশা প্ৰায় ১২ বজাত সংঘটিত হোৱা এই দুৰ্ঘটনাত থিতাতে চাৰিজন যুৱকৰ মৃত্যু হয়। আন দুজন গুৰুতৰভাৱে আহত ব্যক্তিক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়।

ঘটনাস্থলীৰ পৰা পোৱা তথ্য অনুসৰি, দ্ৰুতবেগী এখন ছুইফট ডিজায়াৰ গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ অতিক্ৰম কৰি বিপৰীত দিশৰ পৰা অহা এখন ট্ৰেইলাৰৰ সৈতে মুখামুখীকৈ খুন্দা মাৰে। সংঘৰ্ষৰ ভয়াৱহতাৰ ফলত গাড়ীখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে আৰু পুলিচে যথেষ্ট কষ্টৰে মৃতদেহকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নিহতসকলক লোকেশ যোগী, দিলখুশ যোগী, মনীষ যোগী, অংকিত বৈৰৱা, সময় সিং যোগী আৰু নবীন যোগী বুলি চিনাক্ত কৰা হৈছে। ২০ৰ পৰা ২৫ বছৰ বয়সৰ এই যুৱকসকলৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। দুৰ্ঘটনাৰ মাত্ৰ আধাঘণ্টা পূৰ্বে বিবাহৰ অনুষ্ঠানত বন্ধুসকলে একেলগে তোলা ফটোখন এতিয়া পৰিয়ালৰ বাবে শেষ স্মৃতি হৈ ৰৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *