মণিপুৰৰ চুৰাচান্দপুৰ জিলাত এজন ৩১ বছৰীয়া মেইটেই যুৱকক সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে অপহৰণ কৰি অতি নিৰ্মমভাৱে হত্যা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। নিহত যুৱকজনক কাকচিং জিলাৰ কাকচিং খু নৌ উচান মাখং লৈকাইৰ নিবাসী মায়াংলম্বম ঋষিকান্ত সিং বুলি চিনাক্ত কৰা হৈছে। পৰিয়ালৰ লোকে জনোৱা মতে, ঋষিকান্তই এগৰাকী কুকি মহিলাক বিবাহ কৰাইছিল আৰু নেপালত কৰ্মৰত আছিল। বিগত ১৯ ডিচেম্বৰত তেওঁ পত্নী চিগনো হাওকিপৰ ওচৰলৈ আহিছিল আৰু চুৰাচান্দপুৰৰ তুইবং গাঁৱত একেলগে থাকিবলৈ লৈছিল। কিন্তু সোমবাৰে সন্ধিয়া প্ৰায় ৬:৩০ বজাত তিনিজন অজ্ঞাত সশস্ত্ৰ দুৰ্বৃত্তই তেওঁলোকৰ ঘৰত সোমাই ঋষিকান্তক বলপূৰ্বক অপহৰণ কৰি লৈ যায়।
ঋষিকান্তৰ পত্নীৰ ভাষ্য অনুসৰি, সশস্ত্ৰ দুৰ্বৃত্তকেইজনে তেওঁলোক দুয়োকে এখন চাৰিচকীয়া বাহনত উঠাই এক নিৰ্জন স্থানলৈ লৈ গৈছিল। কিছুদূৰ যোৱাৰ পাছত মহিলাগৰাকীক গাড়ীৰ পৰা ঠেলি নমাই দি ঋষিকান্তক পাহাৰৰ ফালে লৈ যোৱা হয় আৰু তাতেই তেওঁক গুলীয়াই হত্যা কৰা হয়। পৰিয়ালৰ লোকে ঋষিকান্তৰ হত্যাকাণ্ডৰ এটা বিৰল ভিডিঅ’ প্ৰত্যক্ষ কৰাৰ পাছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। ইতিমধ্যে এই সন্দৰ্ভত ওৱাইখং আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰা হৈছে। ঋষিকান্তৰ পৰিয়ালে এই নৃশংস হত্যাকাণ্ডৰ আঁৰত কুকি উগ্ৰপন্থীৰ হাত থকা বুলি দৃঢ়তাৰে সন্দেহ প্ৰকাশ কৰিছে আৰু দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনাইছে। আৰক্ষীয়ে গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই। এই ঘটনাই ৰাজ্যখনৰ জনজাতীয় সংঘাতৰ পৰিৱেশক পুনৰবাৰ জটিল কৰি তুলিছে।
