দিল্লীত উচ্ছেদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিঃ শিলবৰ্ষণত পাঁচ আৰক্ষী আহত

দিল্লীৰ ৰামলীলা ময়দানৰ সমীপত থকা এটা মছজিদৰ কাষৰ অবৈধ নিৰ্মাণ উচ্ছেদ কৰিবলৈ যোৱা পৌৰ নিগমৰ দলৰ ওপৰত একাংশ লোকে কৰা শিলবৰ্ষণৰ ফলত কমেও পাঁচজন আৰক্ষী কৰ্মী আহত হয়। বুধবাৰে পুৱতি নিশা তুৰ্কমান গেটৰ ছৈয়দ ফয়েজ ইলাহী মছজিদ আৰু কবৰস্থানৰ কাষৰীয়া ভূমিত দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে দিল্লী পৌৰ নিগমে এই উচ্ছেদ অভিযান চলাইছিল। প্ৰায় ৩০০ বিষয়া-কৰ্মচাৰীয়ে ৩০খন বুলডজাৰ লৈ উচ্ছেদ চলাই থকাৰ সময়তে একাংশ স্থানীয় লোকে বাধা দি শিলাক্ৰমণ কৰাত পৰিৱেশ উত্তপ্ত হৈ পৰে।

উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰিবলগীয়া হয়। জ্যেষ্ঠ আৰক্ষী বিষয়া নিধিন ভালচনে জনোৱা মতে, ২৫-৩০ জনীয়া এটা দলে আৰক্ষীলৈ লক্ষ্য কৰি শিল নিক্ষেপ কৰে, য’ত পাঁচজন আৰক্ষী সামান্য পৰিমাণে আহত হয়। অৱশ্যে প্ৰশাসনে ইতিমধ্যে মছজিদ চৌহদত থকা এটা বিবাহ ভৱন আৰু ডিচপেন্সাৰী উচ্ছেদ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত পাঁচজন অভিযুক্তক আটক কৰিছে আৰু ১০০ৰো অধিক ভিডিঅ’ ফুটেজৰ জৰিয়তে আন দুষ্কৃতিকাৰীসকলক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া চলাই আছে।

দিল্লী উচ্চ ন্যায়ালয়ে ২০২৫ চনৰ নৱেম্বৰ মাহত দিয়া এক নিৰ্দেশ মৰ্মে ৰামলীলা ময়দানৰ ৩৮,৯৪০ বৰ্গফুট ভূমিৰ বেদখল মুক্ত কৰিবলৈ তিনি মাহৰ সময় দিছিল। সেই নিৰ্দেশ পালন কৰিবলৈ নিশাৰ অন্ধকাৰত এই অভিযান চলোৱা হৈছিল যাতে জনসাধাৰণৰ অসুবিধা নহয়। আনহাতে, মছজিদ পৰিচালনা সমিতিয়ে এই উচ্ছেদৰ বিৰুদ্ধে দাখিল কৰা এখন আৱেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে মঙলবাৰে কেন্দ্ৰীয় চৰকাৰ আৰু ৱাকফ বৰ্ডক জাননী জাৰি কৰিছে। মছজিদ সমিতিয়ে কেৱল কবৰস্থানৰ সুৰক্ষাৰ দাবী জনাইছে যদিও প্ৰশাসনে স্পষ্ট কৰি দিছে যে কেৱল ১৯৪০ চনৰ লিজত থকা ০.১৯৫ একৰ ভূমিৰ বাহিৰে বাকী থকা সকলো অবৈধ নিৰ্মাণ উচ্ছেদ কৰা হ’ব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *