টাটা মটৰ্ছে শ্ৰীনগৰ স্মাৰ্ট চিটী লিমিটেডক ইলেক্ট্ৰিক বাছৰ প্ৰথমটো টোপোলা যোগান ধৰিছে

টাটা মটৰ্ছে জম্মু আৰু শ্ৰীনগৰ স্মাৰ্ট চিটী প্ৰকল্পৰ বাবে শ্ৰীনগৰত ১০০ খন আৰু জম্মুত ১০০ খন বৈদ্যুতিক বাছ যোগান, ৰক্ষণাবেক্ষণ আৰু পৰিচালনাৰ ১২ বছৰীয়া নিৰ্দেশৰ অংশ হিচাপে শ্ৰীনগৰ স্মাৰ্ট চিটী লিমিটেডক আল্ট্ৰা ইভি শীততাপ নিয়ন্ত্ৰিত বৈদ্যুতিক বাছৰ প্ৰথমকেইখন বাছ যোগান ধৰিছে। এই সহযোগিতা জম্মু-কাশ্মীৰ চৰকাৰৰ গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ দ্বাৰা শ্ৰীনগৰৰ বাবে ৰাজহুৱা পৰিবহনৰ এক পৰিৱেশগত আৰু আৰ্থিকভাৱে বহনক্ষম নেটৱৰ্ক স্থাপনৰ এক পদক্ষেপৰ অংশ।

শূন্য নিৰ্গমন(জিৰো-এনিছন) বাছসমূহ থলুৱাভাৱে নিৰ্মিত, শেহতীয়া বৈশিষ্ট্যৰে সজ্জিত আৰু উন্নত বেটাৰী ব্যৱস্থাৰে চালিত। শ্ৰীনগৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই এই উপলক্ষে নাগৰিকসকলক অভিনন্দন জনাই বৈদ্যুতিক বাছে চহৰখনৰ ৰাজহুৱা পৰিবহণৰ আৰ্হি সলনি কৰিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে নিজৰ অদম্য সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

এই উদ্বোধনী অনুষ্ঠানত নিজৰ মতামত ব্যক্ত কৰি জম্মু-কাশ্মীৰৰ গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন বিভাগৰ প্ৰধান সচিব প্ৰশান্ত গোৱালে কয় যে, “জম্মু-কাশ্মীৰত নগৰ উন্নয়নৰ এক নতুন পৰ্যায়ৰ আৰম্ভণি ঘটিছে,  যাৰ ফলত ৰাস্তাৰ ভিৰ হ্ৰাস পাব। টাটা মটৰ্ছে ১২ বছৰ ধৰি শ্ৰীনগৰ স্মাৰ্ট চিটী লিমিটেডৰ সৈতে অংশীদাৰিত্ব কৰিছে, যিয়ে শ্ৰীনগৰৰ শেষ মাইলৰ যাত্ৰী পৰিবহণ ব্যৱস্থা উন্নত কৰাত সহায় কৰিব।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *