টাটা মটৰ্ছে নিজৰ লক্ষ্ণৌৰ কেন্দ্ৰৰ পৰা ডেলিভাৰী কৰিছে ৯,০০০,০০খন বাহন

দেশৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে লক্ষ্ণৌৰ প্ৰকল্পৰ জৰিয়তে ৯,০০,০০০খন বাহন সফলতাৰে নিৰ্মাণ কৰি গ্ৰাহকৰ বাবে মুকলি কৰিছে। এই মাইলৰ খুঁটি অৰ্জনক উদযাপনৰ বাবে আয়োজিত বিশেষ কাৰ্যসূচীত উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে উত্তৰ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব দুৰ্গা শংকৰ মিশ্ৰই, টাটা মটৰ্ছৰ জ্যেষ্ঠ প্ৰতিনিধিসকলৰ উপস্থিতিত এই অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে।

প্ৰায় ৬০০ একৰভূমিত বিস্তৃত লক্ষ্ণৌৰ এই কেন্দ্ৰটো টাটা মটৰ্ছৰ বহনক্ষম উৎপাদনৰ প্ৰতি নিজৰ সমৰ্পণ দাঙি ধৰিছে আৰু ইয়াক কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী(চিআইআই)য়ে ৱাটাৰ-পজিটিভ প্ৰকল্প হিচাপে স্বীকৃতি দিছে। এই প্ৰকল্পটোত ৬ মেগাৱাট সৌৰ শক্তি প্ৰকল্প আছে, যাৰ জৰিয়তে কাৰ্বন ফুটপ্ৰিণ্ট(নিৰ্গমন) যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। এই প্ৰকল্পটোৱে অন্যান্য সুবিধাসমূহৰ লগতে অত্যাধুনিক বাহন নিৰ্মাণ কেন্দ্ৰ যেনে ৰবটিক পেইণ্ট বুথ আৰু বডী-ইন-হোৱাইট শ্বপত ৰবটিক স্পট ৱেল্ডিং প্ৰদৰ্শন কৰিছে।

১৯৯২ত প্ৰতিষ্ঠাকালৰে পৰা এই সুবিধা কেন্দ্ৰটোৰ জৰিয়তে লঘু, মধ্যমীয়া, মজলীয়া আৰু গধুৰ বাণিজ্যিক বাহনকে ধৰি মালবাহী আৰু যাত্ৰীবাহী বাণিজ্যিক বাহনৰ লগতে ইলেক্ট্ৰিক বাহন আৰু ইলেক্ট্ৰিক বাহনৰ ফুৱেল(ইন্ধন) চেল গ্ৰাহকক যোগান ধৰি আহিছে। টাটা মটৰ্ছৰ লক্ষ্ণৌৰ এই কেন্দ্ৰটোৰ পৰাই ৯,০০,০০০খন বাহন মুকলি কৰাৰ মাইলৰ খুঁটিৰ বিষয়ে উত্তৰ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব দুৰ্গা শংকৰ মিশ্ৰই কয় যে, “এই উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰাৰ বাবে টাটা মটৰ্ছক মই অভিনন্দন জনাইছোঁ আৰু ভৱিষ্যতৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *