17
Jul
মেঘালয়াৰ আৰক্ষী সঞ্চালক প্ৰধান আৰ চন্দ্ৰনাথন আক্ৰান্ত হৈছে কোৰোনাত। জানিব পৰা মতে তেওঁৰ দেহত কোৰোনাৰ সাধাৰণ লক্ষণে দেখা দিছে। আৰক্ষী সঞ্চালকপ্ৰধান জনৰ দেহত কোৰোনাৰ লক্ষণে দেখা দিয়াত তেওঁক শ্বিলং চিভিল হস্পিতালত ভৰ্তি কৰোৱা হৈছে। ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰীয়ে আৰ চন্দ্ৰনাথনৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিবলৈ দিছে।ইফালে ৰাজ্যখনৰ ৰিভয় জিলাৰ কাৰাগাৰতো কোৰোণাই সন্ত্ৰাস চলাইছে। জানিব পৰা মতে কাৰাগাৰখনৰ ৬৩ জন কয়দীৰ দেহত ধৰা পৰিছে কোৰোনা। কোৰোনাত আক্ৰান্ত এই কয়দীসকলৰ ৯০ শতাংশৰ দেহতেই ধৰা পৰিছে লক্ষণ বিহীন কোৰোনা। জিলা প্ৰশাসনে সম্পূৰ্ণ কাৰাগাৰটো কণ্টেইণমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে।