07
Aug
ডিজিটেল ডেস্ক:- কৰ'না ভাইৰাছৰ প্ৰথমটো ভেকচিন ১০ আগষ্টৰ ভিতৰত মুকলি হোৱাৰ সম্ভাৱনা আছে । আগন্তুক ১০-১২ আগষ্টৰ ভিতৰত কৰ'নাৰ ভেকচিন বজাৰত মুকলি কৰিব বুলি ৰাছিয়াই দাবী কৰিছে। উল্লেখ্য যে, ৰাছিয়াই মুকলি কৰিবলৈ আগবঢ়া এই ভেকচিনেই হ’ল বিশ্বৰ প্ৰথমটো কৰ'নাৰ ভেকচিন। এই ভেকচিনটো ‘গামালেয়া নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ অৱ এপীডেম’লজী এণ্ড মাইক্ৰবা’য়লজী’য়ে নিৰ্মাণ কৰিছে। ইতিমধ্যে ভেকচিন মুকলিৰ বাবে ৰাছিয়াই সকলো প্ৰাৰম্ভিক কাম শেষ কৰি সম্পূৰ্ণ কৰিছে ট্ৰাইল। উল্লেখ্য যে, কৰ'না ভাইৰাছৰ ভেকচিন ভাৰতৰ বজাৰত ওলালে ভাৰতৰ জনগণে কিছু পৰিমাণে সকাহ পাব।