জাপানীজ এনকেফেলাইটিছৰ লক্ষণসমূহ

যোৱা কেইটামান দিনৰ পৰা ৰাজ্যত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা। গতিকে ইয়াৰ বিষয়ে সজাগ হৈ থকা প্ৰয়োজন। এই ৰোগ হ’লে কিছুমান লক্ষণে দেখা দিয়ে।ইয়াৰ লক্ষণ কি————————————–সাধাৰণ জ্বৰ বা তীব্ৰ জ্বৰ হ’ব পাৰে
মূৰৰ বিষ
ভ্ৰম
ডিঙি জঠৰ হোৱা
ক’মা
পক্ষাঘাত
আচৰণ পৰিবৰ্তন
পেশীৰ বিষ
পোহৰ আৰু শব্দৰ প্ৰতি সংবেদনশীল
খোজকঢ়াত সমস্যা
বমি
এনকেফেলাইটিছ পানীত থকা চৰাই আৰু জন্তু (গাহৰি)ৰ পৰা বিয়পে। এইবোৰত JE ভাইৰাছ থাকে। মহে যেতিয়া এই চৰাই বা প্ৰাণীবোৰক কামোৰে আৰু তাৰ পিছত মানুহ এজনক কামোৰে তেতিয়া সেই লোকজন জাপানীছ এনকেফেলাইটিছ ভাইৰাছত আক্ৰান্ত হয়। সংক্ৰমিত হোৱাৰ পিছত মৃদু জ্বৰ হয়। ইয়াৰ পিছত মূৰৰ বিষৰ লগতে বমি আৰু অন্য লক্ষণেও দেখা দিব পাৰে।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *