শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে হ’ব চি আই ডিৰ তদন্ত

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে হ’ব চি আই ডিৰ তদন্ত। এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে চি আই ডিৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ। সামাজিক মাধ্যমৰ জৰিয়তে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু জুবিনৰ মেজেজাৰ সিদ্ধাৰ্থৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ চি আই ডিলৈ স্থানান্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।পুৱা ভাগত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল যে,মৰিগাঁও থানাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে। সেই এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰিছে অসম আৰক্ষীয়ে। গতিকে এই সন্দৰ্ভত তদন্ত নিশ্চিতভাৱে হ’ব বুলি ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *