সূৰ্যকুমাৰ যাদৱে সৃষ্টি কৰিছে ইতিহাস। এম এছ ধোনী আৰু ৰোহিত শৰ্মাৰ পিছত টি-২০ বিশ্বকাপত জয়লাভ কৰি টিম ইণ্ডিয়াক নেতৃত্ব দিয়া তেওঁ তৃতীয়জন ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হৈছে।দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত নিউজিলেণ্ডক ৯৬ ৰানত পৰাস্ত কৰি ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰে। ভাৰতৰ খিতাপ জয়ৰ পিছতে সূৰ্যকুমাৰ যাদৱে নিজৰ পৰৱৰ্তী দুটা লক্ষ্য স্পষ্ট কৰি দিয়ে। বৰ্তমান ৩৫ বছৰীয়া সূৰ্যকুমাৰ যাদৱে বিশ্বকাপৰ পিছত অৱসৰ ল’ব বুলি জল্পনা-কল্পনা কৰা হৈছিল। খেলখনৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ভাৰতীয় অধিনায়কগৰাকীয়ে এই সকলোবোৰ জল্পনা-কল্পনাক নুই কৰি তেওঁৰ পৰৱৰ্তী দুটা ডাঙৰ লক্ষ্য স্পষ্ট কৰে।
সূৰ্য্যকুমাৰ যাদৱে কয়-মোৰ পৰৱৰ্তী লক্ষ্য হৈছে ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত স্বৰ্ণ জয়। লগতে, আমি সেই বছৰতে আমাৰ টি-২০ বিশ্বকাপৰ খিতাপ ৰক্ষা কৰিব লাগিব। সেইটো পাহৰি নাযাব। সূৰ্য্যৰ বক্তব্যৰ পৰা স্পষ্ট হৈ পৰে যে তেওঁ অন্ততঃ অহা দুবছৰলৈ ভাৰতীয় দলত থাকিব। ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পাছত এই ফৰ্মেটৰ অধিনায়কত্ব সূৰ্যকুমাৰ যাদৱক দিয়া হৈছিল। তেওঁৰ লক্ষ্য আছিল ২০২৬ চনত ঘৰুৱা দৰ্শকৰ সন্মুখত খিতাপ ৰক্ষা কৰা, আৰু তেওঁ সেই কামত সফল হয়। আই চি চিৰ পূৰ্ণ সদস্য ৰাষ্ট্ৰৰ ভিতৰত সৰ্বাধিক সফল অধিনায়ক হিচাপে পৰিগণিত হৈছে সূৰ্যকুমাৰ যাদৱ। ৫২ খন টি-২০ মেচত টিম ইণ্ডিয়াৰ অধিনায়কত্ব কৰি ইয়াৰে ৪২ খন খেলত জয়লাভ কৰিছে। তেওঁ ৮ খন মেচত পৰাস্ত হৈছিল, আৰু ২ খন মেচ ড্ৰ’ত শেষ হৈছিল। সূৰ্য্যৰ জয়ৰ শতকৰা হাৰ ৮০.৭৭, তাৰ পিছতে আছে ৰোহিত শৰ্মা।
২০২৬ চনৰ টি-২০ বিশ্বকাপৰ প্ৰথমখন মেচত আমেৰিকাৰ বিৰুদ্ধে অপৰাজিত ৮৪ ৰানেৰে টিম ইণ্ডিয়াক জয়ৰ দিশত আগুৱাই নিয়া সূৰ্য্যই হয়তো পৰৱৰ্তী মেচত ডাঙৰ ইনিংছ খেলিব পৰা নাছিল যদিও তেওঁৰ চুটি ইনিংছে বহু মেচত দলটোক স্থিৰ কৰি তুলিছিল আৰু ডাঙৰ স্ক’ৰৰ ভেটি স্থাপন কৰিছিল। সূৰ্যকুমাৰ যাদৱে বিশ্বকাপৰ ৯ ইনিংছত ৩০.২৫ গড়ে ২৪২ ৰান সংগ্ৰহ কৰে। চেমচন আৰু ঈশানৰ পিছতে তেওঁ দলৰ তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী আছিল।
