দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হ’ব সূৰ্য্যকান্ত

জ্যেষ্ঠ ন্যায়াধীশ সূৰ্য্যকান্ত ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হোৱাৰ সম্ভাৱনা আছে। বৰ্তমানৰ মুখ্য ন্যায়াধীশ ভূষণ আৰ গাভাইয়ে সোমবাৰে কেন্দ্ৰীয় চৰকাৰক তেওঁৰ নাম পৰামৰ্শ দিয়ে। ইয়াৰ সৈতে আৰম্ভ হৈছে চি জে আই নিযুক্তিৰ প্ৰক্ৰিয়া। পৰম্পৰাগতভাৱে বৰ্তমানৰ চিজেআইয়ে আইন মন্ত্ৰালয়ে কোৱাৰ পিছতহে তেওঁৰ উত্তৰাধিকাৰীক পৰামৰ্শ দিয়ে।

বৰ্তমানৰ চিজেআই গাভাইৰ কাৰ্যকাল ২৩ নৱেম্বৰত শেষ হ’ব। তেওঁৰ উত্তৰাধিকাৰী ন্যায়াধীশ সূৰ্যকান্তই ২৪ নৱেম্বৰত চিজেআই হিচাপে শপত গ্ৰহণ কৰিব। ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰিব।তেওঁৰ কাৰ্যকাল প্ৰায় ১৪ মাহ হ’ব। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে ৬৫ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে।

হাৰিয়ানাৰ পৰা ভাৰতীয় ন্যায়পালিকাৰ শীৰ্ষ পদত উপনীত হোৱা প্ৰথমজন ব্যক্তি হ’ব ন্যায়াধীশ সূৰ্য্যকান্ত। নামৰ পৰামৰ্শ দি চিজেআই গাভাইয়ে কয় যে ন্যায়াধীশ সূৰ্য্য কান্ত উচ্চতম ন্যায়ালয়ৰ নেতৃত্ব দিবলৈ উপযুক্ত আৰু সক্ষম।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *