অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাত এন এছ চি এন-কে (খংগো কন্যাক গোট) ৰ এজন স্বয়ম্ভূ লেফটেনেণ্টে শুকুৰবাৰে নিৰাপত্তা বাহিনীৰ ওচৰত আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰে। মোক্তোৱা অঞ্চলত এজন দুৰ্ধৰ্ষ ৰাষ্ট্ৰবিৰোধী শক্তিৰ উপস্থিতি সন্দৰ্ভত লাভ কৰা গোপন তথ্যৰ ভিত্তিত অসম ৰাইফলছৰ খোন্সা বেটেলিয়ানে এই বিশেষ অভিযান চলাইছিল। নিৰাপত্তা বাহিনীৰ নিৰন্তৰ বুজনি আৰু সমন্বিত প্ৰচেষ্টাৰ ফলত ৩২ বছৰীয়া কেডাৰজনে অৱশেষত অস্ত্ৰ পৰিহাৰ কৰি মূল সুঁতিলৈ উভতি আহিবলৈ উৎসাহিত হয়। আত্মসমৰ্পণ কৰা সদস্যজনক তিৰাপ জিলাৰ দাদামৰ মোক্তোৱা গাঁৱৰ বাসিন্দা ৱাংখু লোৱাং বুলি চিনাক্ত কৰা হৈছে। খোন্সাস্থিত বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ত লোৱাঙে এটা ৭.৬৫ মিমি পিষ্টল, এটা মেগাজিন আৰু ৬ জাঁই সজীৱ গুলী নিৰাপত্তা বাহিনীক গতাই দিয়ে। বিষয়াসকলে জানিবলৈ দিয়া মতে, এই সফলতা চোৰাংচোৱা ভিত্তিক অভিযানৰ কাৰ্যকৰীতা আৰু উগ্ৰপন্থীসকলক মূল সুঁতিলৈ ঘূৰাই অনাৰ বাবে চলি থকা নিৰন্তৰ প্ৰচেষ্টাৰেই ফল।
ইফালে, ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত মণিপুৰ আৰক্ষীৰ সৈতে ভাৰতীয় সেনা আৰু অসম ৰাইফলছে মণিপুৰৰ কেইবাখনো জিলাত যৌথ অভিযান চলাইছিল। ইম্ফল পশ্চিম, ইম্ফল পূব, থৌবাল, টেংনৌপাল, বিষ্ণুপুৰ আৰু ফেৰজাবল জিলাত চলোৱা এই অভিযানত সাতজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ লগতে ১৮ টা মাৰণাস্ত্ৰ আৰু বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হয়। ১ ফেব্ৰুৱাৰীত কে ৱাই কে এল (ছোৰেপা) ৰ এজন সক্ৰিয় সদস্যকো আটক কৰা হৈছিল। আনহাতে, টংলহাং গাঁৱৰ ওচৰত নিৰাপত্তা বাহিনীয়ে উগ্ৰপন্থীৰ এটা গোপন ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়। উক্ত স্থানৰ পৰা এটা এ কে-৪৭ ৰাইফল, দুটা পিষ্টল, দুখন চিঙ্গল বেৰেল ৰাইফল আৰু ১৮ টাকৈ আই ই ডি উদ্ধাৰ কৰা হয়। নিৰাপত্তা বিধি মানি আটাইকেইটা আই ই ডি থিতাতৈয়ে ধ্বংস কৰা হয় বুলি জানিব পৰা গৈছে। এই সফল অভিযানে অঞ্চলটোত শান্তি আৰু স্থিৰতা ৰক্ষাৰ ক্ষেত্ৰত সুৰক্ষা বাহিনীৰ দৃঢ়তাক পুনৰ প্ৰমাণ কৰিছে।
