ভাৰতীয় সমাজ ব্যৱস্থাত লিভ-ইন সম্পৰ্কক এক সাংস্কৃতিক জোকাৰণি হিচাপে অভিহিত কৰি ইয়াৰ আইনী সুৰক্ষাৰ সন্দৰ্ভত এক যুগান্তকাৰী মন্তব্য কৰিছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। এক গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে লিভ-ইন সম্পৰ্কত থকা মহিলাসকলেও স্ত্ৰীৰ দৰে আইনী মৰ্যাদা আৰু সুৰক্ষা লাভ কৰা উচিত বুলি মত প্ৰকাশ কৰাৰ লগতে ইয়াক প্ৰাচীন ‘গন্ধৰ্ব বিবাহ’ৰ ঐতিহ্যৰ সৈতে তুলনা কৰে।
তামিলনাডুৰ এজন যুৱকে লিভ-ইনত থকা এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত আগতীয়া জামিন বিচাৰি মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠৰ দ্বাৰস্থ হৈছিল। অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি একেলগে থকাৰ সময়ত যুৱকজনে বিয়াৰ প্ৰতিশ্ৰুতি দি একাধিকবাৰ শারীৰিক সম্পৰ্ক স্থাপন কৰিছিল যদিও পাছলৈ তেওঁ সম্পৰ্ক ছেদ কৰে। এই আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ এছ শ্ৰীমতীৰ বিচাৰপীঠে কয় যে লিভ-ইন সম্পৰ্কত থকা মহিলাসকলক আইনী সুৰক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰি।
ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে কিছুমান বিশেষ ক্ষেত্ৰত লিভ-ইন সম্পৰ্কই প্ৰাচীন ভাৰতীয় বিবাহৰ এক ধৰণ ‘গন্ধৰ্ব বিবাহ’ৰ চৰিত্ৰ বহন কৰে। এনে সম্পৰ্কত থকা মহিলাসকলে যাতে স্ত্ৰী হিচাপে পাবলগীয়া আইনী মৰ্যাদা লাভ কৰে, সেই দিশত গুৰুত্ব দিয়াটো প্ৰয়োজন। উচ্চ ন্যায়ালয়ৰ এই পৰ্যবেক্ষণে এতিয়া আধুনিক সমাজৰ লিভ-ইন সম্পৰ্কৰ আইনী জটিলতা নিৰসনৰ ক্ষেত্ৰত এক নতুন দিশ উন্মোচন কৰিছে।
