গা ধুই থকা অৱস্থাতে ১৩ বছৰীয়া কিশোৰৰ আকস্মিক মৃত্যুঃ হৃদক্ৰিয়া বন্ধ হোৱাৰ সন্দেহ

বাথৰুমৰ ভিতৰতে হৃদক্ৰিয়া বন্ধ হৈ অকাল মৃত্যুক সাৱটিলে এটি কিশোৰে। উত্তৰ প্ৰদেশৰ সদৰ কোতৱালী থানাৰ অন্তৰ্গত অটল পাৰ্কৰ নিবাসী ব্যৱসায়ী ৰাহুল বাৰ্মাৰ ১৩ বছৰীয়া পুত্ৰ সাৰ্থক বাৰ্মাই দেওবাৰে পুৱা গা ধুই থকা অৱস্থাতে মৃত্যুক সাৱটি লয়। পৰিয়ালৰ লোকে জনোৱা মতে, কোনো ধৰণৰ পূৰ্ব অসুস্থতা নোহোৱাকৈয়ে কিশোৰজনৰ হঠাতে হৃদক্ৰিয়া বন্ধ হৈ এই কৰুণ ঘটনাটো সংঘটিত হয়।

প্ৰাপ্ত তথ্য অনুসৰি, সাৰ্থকে বাথৰুমলৈ যোৱাৰ ১০ মিনিট পাছতো কোনো সঁহাৰি নিদিয়াত পৰিয়ালৰ লোকে দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰে। তাতেই তেওঁলোকে সাৰ্থকক অচেতন অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে। লগে লগে সাৰ্থকক ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে কিশোৰজনক মৃত ঘোষণা কৰে। পৰিয়ালৰ মতে, বাথৰুমত গিজাৰ আছিল যদিও সেই সময়ত সেয়া বন্ধ আছিল, যাৰ বাবে গেছৰ ফলত উশাহ বন্ধ হোৱাৰ কোনো সম্ভাৱনা নাই।

জ্যেষ্ঠ চিকিৎসক ডাঃ পংকজ গাৰ্গৰ মতে, কেতিয়াবা এনে ধৰণৰ আকস্মিক মৃত্যুৰ অন্তৰালত হৃদক্ৰিয়া বন্ধ হোৱাৰ দৰে কাৰণ থাকিব পাৰে। শিশুসকলে বুকুত বিষ বা উশাহ চুটি হোৱাৰ দৰে লক্ষণসমূহ প্ৰায়ে অৱজ্ঞা কৰে, যিয়ে পৰৱৰ্তী সময়ত ভয়ংকৰ ৰূপ লয়। উল্লেখযোগ্য যে, কোনো মৰণোত্তৰ পৰীক্ষা নকৰাকৈয়ে শোকসন্তপ্ত পৰিয়ালে কিশোৰজনৰ অন্তিম সংস্কাৰ সম্পন্ন কৰে

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *