অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ তদন্তই এতিয়া লাভ কৰিছে এক নতুন মোৰ। জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে আজি এই চাঞ্চল্য্যকৰ গোচৰৰ তিনিগৰাকী অভিযুক্ত অমৃতাপ্ৰভা মহন্তৰ লগতে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদন খাৰিজ কৰে। অপৰাধমূলক ষড়যন্ত্ৰ আৰু ধনৰ আত্মসাতৰ দৰে গুৰুতৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি আদালতে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে, বিশেষ তদন্তকাৰী দল আৰু গৰিমা শইকীয়া গাৰ্গে অভিযুক্তকেইজনক জামিন প্ৰদানৰ তীব্ৰ বিৰোধিতা কৰিছিল। বিশেষ চৰকাৰী অধিবক্তা জিয়াউল কামাৰে আদালতত যুক্তি দৰ্শায় যে জুবিন গাৰ্গৰ যত্ন আৰু নিৰাপত্তাৰ বাবে দুই দেহৰক্ষীক যি ধন অৰ্পণ কৰা হৈছিল, তেওঁলোকে সেই বিশ্বাস ভঙ্গ কৰি নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছিল। তেওঁলোকৰ এনে আচৰণে অপৰাধত লিপ্ত থকাটোকে স্পষ্ট কৰে বুলি অধিবক্তাগৰাকীয়ে আদালতত উল্লেখ কৰে।
ইফালে অমৃতপ্ৰভা মহন্তৰ সন্দৰ্ভত চৰকাৰী পক্ষই কয় যে তেওঁ এই অপৰাধমূলক ষড়যন্ত্ৰৰ এগৰাকী সক্ৰিয় অংশীদাৰ আছিল। আদালতে প্ৰমাণ আৰু তথ্যৰ ওপৰত ভিত্তি কৰি তেওঁকো জামিন দিবলৈ অস্বীকাৰ কৰে। ইয়াৰ উপৰি এছআইটিয়ে অভিযুক্তৰ সৈতে জড়িত ফাটাশিল আমবাৰীৰ অৰ্কিড ভিউ এপাৰ্টমেণ্ট আৰু মহাবীৰ একুৱা ৱাটাৰ ফেক্টৰীৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ বাবেও আদালতত আবেদন জনাইছে। আদালতৰ এই ৰায়দানৰ পিছতে গৰিমা শইকীয়া গাৰ্গে সন্তোষ প্ৰকাশ কৰি কয়, “আমি অতিশয় সকাহ অনুভৱ কৰিছোঁ। জুবিনে সকলোকে পৰিয়ালৰ দৰে জ্ঞান কৰিছিল, কিন্তু তেওঁলোকে সেই বিশ্বাসৰ সুযোগ ল’লে। অসমৰ ৰাইজ মোৰ সাহস আৰু তেওঁলোকৰ সমৰ্থনত জুবিন গাৰ্গে ন্যায় পাবই।”
গৰিমাই পুনৰ কয়, ”জুবিন যেতিয়া পৃথিৱাৰ পৰা যাব লগা হ’ল, মোক মানুহবিলাক চিনাকি কৰি থৈ গ’ল। তেওঁলোকক পৰিয়াল বুলি ভৱাটো আমাৰ আটাইতকৈ ডাঙৰ ভুল আছিল। এনে দানৱ দুই তিনিটাহে জন্ম হয়।’’ আদালতে অহা ১৩ ফেব্ৰুৱাৰীত এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে।
