শীঘ্ৰে ৰাজ্যত হ্রাস পাব বিদ্যুতৰ মাচুল: মুখ্যমন্ত্ৰী

বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বছৰৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰে সৈতে বাৰ্তালাপ কৰে। য’ত তেওঁৰ কাৰ্যকালৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে। তেওঁ বছৰৰ প্ৰথম দিনটোত ৰাজ্যবাসীলৈ এক সু-খবৰ দিয়ে। তেওঁ কয় যে বিদ্যুৎ শক্তিৰ ক্ষেত্ৰত অসমত আত্ম-নিৰ্ভৰশীল হ’বলৈ গৈ আছে অসম। সৌৰ শক্তি প্ৰকল্পৰ পৰা আৰম্ভ কৰি একাধিক জলবিদ্যুৎ প্ৰকল্পৰ পৰা অসমে নতুন বছৰটোতেই লাভ কৰিব বৃহৎ পৰিমাণৰ বিদ্যুৎ শক্তি।

যাৰ ফলত শীঘ্ৰে ৰাজ্যত হ্রাস পাব বিদ্যুতৰ নিৰিখ। ইয়াৰ লগতে কয় যে ২০২৬ত অসমত ই-বাহন ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ বাবে লক্ষ্য নির্ধাৰণ কৰিছে অসম চৰকাৰে। দিনটোৰ পুৱা গুৱাহাটীৰ খানাপাৰত ৫৬ খন ৰাজহুৱা পৰিবহনৰ ইলেকট্রনিক বাহনৰ ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰীয়ে।

ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ বিত্তীয় বিকাশ থাকিলেহে ঋণ গ্রহণ কৰিব পাৰে। ২০২৫ চনত ৰাজ্য চৰকাৰে ১৭ হাজাৰ কোটি টকাৰ ঋণ ল’ব। ৰাজ্য চৰকাৰৰ আৰ্থিক স্থিতিৰ ওপৰত নিৰ্ভৰ কৰি আমি ২৭০০০ কোটি টকালৈ ঋণ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন আছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *