শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ গ্ৰীষ্মকালীন কৰ্মশালা

100

মহানগৰীৰ কুমাৰপাৰাস্থিত শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰ (নামঘৰ)ত ৭ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই কৰ্মশালাত সত্ৰীয়া নৃত্য, বৰগীত, ঘোষানাম, দিহানাম, থিয়নাম হোলীগীতৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। এই কৰ্মশালা ৩০ জুলাই, ২০২৪লৈকে অনুষ্ঠিত হ’ব।

শুভাৰম্ভণি অনুষ্ঠানত বন্তি প্ৰজ্বলক হিচাপে উপস্থিত থাকে শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰীনা ভৌমিক। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাৰতীয় ইতিহাস সংকলনৰ ৰাষ্ট্ৰীয় সচিব হেমন্ত ধিং মজুমদাৰ, শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ মুখ্য সেৱক সনাতন দাস বাপ, লক্ষ্মী এডুকেশ্বন ফাউণ্ডেশ্যনৰ সঞ্চালক স্বপ্না দাসৰ লগতে কৰ্মশালাখনিৰ সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক সত্ৰীয়া গুৰু হৰিপ্ৰসাদ শইকীয়া বৰবায়ন আৰু বৰগীত, ঘোষানাম, দিহানামৰ প্ৰশিক্ষক নলিনী মহন্ত উপস্থিত থাকে।

প্ৰায় ৩ শতাধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰা গ্ৰীষ্মকালীন বিনামূলীয়া এই কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানটি অহা ইং ৪ আগষ্ট ২০২৪ তাৰিখে দিনৰ ১১ বজাত অনুষ্ঠিত কৰা হ’ব।

গীত – মাত, সাংস্কৃতিক অনুষ্ঠানৰে মুখৰিত হ’বলগীয়া এই সামৰণি অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক পৰীক্ষাত ডিষ্টিংচনসহ উত্তীৰ্ণ হৈ বৃহত্তৰ অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা কৃতী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হ’ব বুলি শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰ (নামঘৰ)ৰ মুখ্য সেৱক সনাতন দাস বাপে জনায়।