টি-২০ বিশ্বকাপৰ পৰা বাহিৰ শ্ৰীলংকা

কলম্বোৰ আৰ প্ৰেমাদাছা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ মেচত নিউজিলেণ্ডে শ্ৰীলংকাক ৬১ ৰানত পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ যাত্ৰাৰ অন্ত পেলায়। এই জয়েৰে নিউজিলেণ্ডে ছেমিফাইনেলৰ আশা সজীৱ ৰাখে, আনহাতে সহ-আয়োজক শ্ৰীলংকাই প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হয়। প্ৰথমে বেটিং কৰা নিউজিলেণ্ডে ২০ অভাৰত ১৬৮ ৰান সংগ্ৰহ কৰে।

ইয়াৰ উত্তৰত শ্ৰীলংকাৰ দলটোৱে নিৰ্ধাৰিত অভাৰত মাত্ৰ ১০৭ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু মেচখনত ৬১ ৰানত পৰাস্ত হয়। ভাৰতৰ সৈতে এই টি-২০ বিশ্বকাপৰ সহ-আয়োজক শ্ৰীলংকাই ঘৰুৱা মাটিত খিতাপ জয় কৰাৰ সপোন দেখিছিল যদিও নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজয়ে তেওঁলোকৰ আশাক ম্লান কৰি পেলায়। কামিন্দু মেণ্ডিছ আৰু দুনিথ ৱেলালেজৰ বাহিৰে কোনো বেটছমেনে ডাঙৰ ইনিংছ কৰিব নোৱাৰিলে।

নিয়মীয়া ব্যৱধানত উইকেট পৰে, যাৰ ফলত দলটোৱে চাপ গ্ৰহণ কৰিব নোৱাৰিলে। ইনিংছৰ প্ৰথমটো বলত শ্ৰীলংকাই ডাঙৰ আঘাতৰ সন্মুখীন হয় যেতিয়া মেট হেনৰীয়ে পাথুম নিছাংকাক ক্লিন বল কৰে। নিছাংকাৰ উইকেটেই মেচখনৰ টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *