স্পীড স্কেটিং বিশ্ব চেম্পিয়নশ্বিপত ইতিহাস সৃষ্টি ভাৰতৰ

স্পীড স্কেটিং বিশ্ব চেম্পিয়নশ্বিপ ২০২৫ত একেলগে দুটা স্বৰ্ণ পদক লাভ কৰি ভাৰতে ইতিহাসৰ সৃষ্টি কৰিছে। আনন্দ কুমাৰ ভেলকুমাৰে ছিনিয়ৰ পুৰুষৰ ১০০০ মিটাৰ ইভেণ্টত সোণৰ পদক লাভ কৰাৰ বিপৰীতে কৃষ্ণ শৰ্মাই জুনিয়ৰ পুৰুষৰ ১০০০ মিটাৰ ইভেণ্টত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ পূৰ্বে স্পীড স্কেটিং বিশ্ব চেম্পিয়নশ্বিপত কোনো ভাৰতীয়ই স্বৰ্ণ পদক লাভ কৰা নাছিল। স্পীড স্কেটিং বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে আনন্দ কুমাৰ ভেলকুমাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বহু মন্ত্ৰী আৰু নেতাই তেওঁৰ এই কৃতিত্বৰ প্ৰশংসা কৰিছে।

নৰেন্দ্ৰ মোদীয়ে ইনষ্টাগ্ৰামত লিখিছে-স্পীড স্কেটিং বিশ্ব চেম্পিয়নশ্বিপ ২০২৫ৰ ছিনিয়ৰ পুৰুষৰ ১০০০ মিটাৰ ইভেণ্টত সোণৰ পদক লাভ কৰাৰ বাবে আনন্দ কুমাৰ ভেলকুমাৰক লৈ গৌৰৱ। তেওঁৰ ধৈৰ্য্য, গতি আৰু আবেগে তেওঁক স্কেটিঙত ভাৰতৰ প্ৰথম বিশ্ব চেম্পিয়ন কৰি তুলিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *